Your Voice, Our Strength

খানামুখ খণ্ড বন কাৰ্য্যালয়ৰ উদ্যোগত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত বৃক্ষৰোপন।

আজিৰ খবৰ, গুৱাহাটী, ৩১ আগষ্ট : ৰাজ্য চৰকাৰৰ বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলে পহিলা জুলাইত আৰম্ভ হোৱা বন মহোৎসৱ সপ্তাহৰ পাছৰে পৰা সংমণ্ডলৰ এলেকাধীন অঞ্চলৰ ৰাজহুৱা স্থান , শিক্ষা প্ৰতিষ্ঠান চৌহদ , পথৰ দাঁতিত বৃক্ষৰোপন কৰি আহিছে । আনহাতে সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াই প্ৰতিজন খণ্ড বন বিষয়াক নিজ নিজ অঞ্চলত বৃক্ষৰোপন অভিযান তুৰাম্বিত কৰিবলৈ নিৰ্দেশনা দিছে । সেই নিৰ্দেশনাৰ আধাৰত আজি খানামুখ খণ্ড বন বিষয়া কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয় চৌহদত জামু , লেতেকু , মধুৰিয়াম , আম , মহানিম , অৰ্জুনকে ধৰি থলুৱা প্ৰজাতিৰ ৬০ টা গছপুলি ৰোপন কৰা হয় । খানামুখ খণ্ড বন কাৰ্য্যালয়ৰ খণ্ড বিষয়া ৰূপন হালৈৰ নেতৃত্বত বনকর্মীৰ দলটোক গছপুলি ৰোপন কাৰ্যত মহাবিদ্যালয়খনৰ শিক্ষক – কৰ্মচাৰী সকলে সহযোগিতা আগবঢ়ায় । আনহাতে বৃক্ষৰোপন কাৰ্যসূচীত পূব কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষকদ্বয় জে আৰ দাস আৰু প্ৰতাপ কুমাৰ বণিয়া , মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিনীতা ভাগৱতী উপস্থিত থাকে ।

P&C
You might also like