
দীপৰ বিলৰ ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে ৰাজহুৱা গণ স্বাক্ষৰ অভিযান।
আজিৰ খবৰ, গুৱাহাটী, ১ ছেপ্টেম্বৰ : ৰাষ্ট্রীয় সেউজ ন্যায়ধিকৰণৰ ( এন জি টি ) নীতি নিৰ্দেশনা উলংঘাৰ লগতে দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য , জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰি পামহী – বৰাগাওঁ সংলগ্ন স্থানত দীপৰ বিলৰ দাঁতিত প্ৰায় তিনি সপ্তাহ আগতে নতুনকৈ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা কাৰ্যৰ বিৰুদ্ধে বৃহত্তৰ অঞ্চলটোত ৰাজহুৱা প্ৰতিক্ৰিয়া – প্ৰতিবাদৰ সৃষ্টিৰ হৈছে । বিশেষকৈ পশ্চিম বৰাগাওঁৰ বেলৰতলত হাউছফেডৰ প্ৰায় ৬০ বিঘা মাটিত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা হৈছে তাৰ লগতে নিৰ্মাণ কৰি থকা হৈছে ছয় বছৰীয়া বিদেশী বহিস্কাৰ আন্দোলনৰ স্মৃতি বিজড়িত শ্বহীদ উদ্যান । তেনেদৰে আশে পাশে আছে কেবাখনো শিক্ষানুষ্ঠান , শিপিনী নগৰ , চাৰিওকাষে আছে বিভিন্ন জাতি জনগোষ্ঠী বাস কৰা প্ৰায় কুৰিখনমান গাঁও । ইয়াৰ উপৰিও সকলোতকৈ ভয়ংকৰ কথাটো হল ডাম্পিং গ্ৰাউণ্ডত পেলোৱা দূষিত গেলা পঁচা আৱৰ্জনা পৰিছে দীপৰ বিল সংযোগী পামহী কেনেলত । ফলত দীপৰ বিলৰ পানী সহজতে প্ৰদূষিত হৈছে । অথচ এন জি টিয়ে বিগত বৰ্ষতেই বৰাগাওঁৰ ডাম্পিং গ্ৰাউণ্ডৰ ফলত দীপৰ বিলৰ পানীভাগ দূষিত হোৱা বাবে পূৰ্বৰ ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰি দিছিল । তাৰ পাছত গুৱাহাটী পৌৰ নিগমে চন্দ্ৰপুৰত কিছুদিন আৱৰ্জনা পেলাইছিল । কিন্তু তাত ৰাজহুৱা প্ৰতিবাদ হোৱাত নিগমে যোৱা ১০ আগষ্টৰ পৰা পূৰ্বৰ ডাম্পিং গ্ৰাউণ্ডৰ পৰা প্ৰায় ,ডেৰ কিঃমিঃ নিলগৰ বেলৰতলত পামহী কেনেলৰ দাঁতিত আৱৰ্জনা পেলাই আহিছে । আনহাতে বিগত দিনকেইটাত নতুনকৈ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাৰ বিৰুদ্ধে ৰাইজে কেইবাবাৰো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাছে । শেহতীয়াকৈ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজে গঠন কৰিছে পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চ । মঞ্চই বিগত দিনকেইটাতকেবালানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । আনহাতে ৩০ আগষ্টৰ পৰা মঞ্চই গ্ৰহণ কৰিছে ডাম্পিং গ্ৰাউণ্ড স্থাপন হলে ৰাইজ বা ৰাজহুৱা অনুষ্ঠান- প্ৰতিষ্ঠান সমূহৰ কেনেদৰে ক্ষয় ক্ষতি হব সেই সম্পৰ্কীয় গণ স্বাক্ষৰ অভিযান । মঞ্চৰ সাংগঠনিক সম্পাদক প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে এই পৰ্যন্ত বিজয় দুটা দিনত অঞ্চলটোৰ প্ৰায় কুৰিটাৰো অধিক ৰাজহুৱা অনুষ্ঠান -প্ৰতিষ্ঠান , গাঁও পঞ্চায়ত , ক্লাব , সংঘ , নামঘৰ , মন্দিৰ , মছজিদকে ধৰি ধৰ্মানুষ্ঠান , শিক্ষানুষ্ঠান আদিয়ে ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে স্বাক্ষৰ কৰিছে । পাছত স্বাক্ষৰযুক্ত পত্ৰখন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হব । ইফালে দীপৰ বিলৰ চাৰিওকাষে থকা প্ৰায় কুৰিখন গাঁওৰ ৰাইজে কোনো কাৰণতে বিলৰ পাৰত পৰিবেশ বিনষ্ট কৰি ডাম্পিং গ্ৰাউণ্ড স্থাপন হবলৈ নিদিয়ে আৰু আগন্তক দিনত তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে । ইফালে তিনি সপ্তাহ ধৰি তাত দূষিত আৱৰ্জনা পেলাই অহা বাবে পামহী , মইনাখোৰোং , দেউছতাল আদি অঞ্চলৰ ৰাইজে বতাহত ফাঁহি অহা দুৰ্গন্ধৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে ।
