Your Voice, Our Strength

যোৰহাটত সকলো স্বাস্থ্যখণ্ডতে উপলব্ধ ক’ভিড প্ৰতিষেধক।

নিয়মিত ভাৱে প্ৰদান কৰা হ'ব টীকাকৰণ।

আজিৰ খবৰ, যোৰহাট, ৪ ছেপ্তেম্বৰ : যোৰহাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে জিলাখনৰ আটাইকেইটা স্বাস্থ্যখণ্ডতে ক’ভিড টীকাকৰণ নিয়মিত ভাৱে প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ ইচ্ছুক ব্যক্তিয়ে দেওবাৰৰ বাহিৰে সপ্তাহৰ প্ৰতিটো বাৰতে নিকটতম স্বাস্থ্যকেন্দ্ৰত প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব৷ যোৰহাটবাসী ৰাইজে সহজে ক’ভিড টীকাকৰণ সম্পৰ্কে যিকোনো তথ্য জানিবলৈ প্ৰতিটো স্বাস্থ্যখণ্ডৰ কাৰণে একোজনকৈ ডাক্তৰৰ ম’বাইল নাম্বাৰ দিয়া হৈছে৷সেই অনুসৰি বাঘচোং স্বাস্থ্যখণ্ডৰ অধীনৰ বাঘচোং খণ্ড প্ৰাথমিক স্বাস্থ্যখণ্ড,দহোটীয়া ৰাজ্যিক চিকিৎসালয়,জালুকনিবাৰী ৰাজ্যিক চিকিৎসালয়,মৰিয়নি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু মৰিয়নি সামূহিক স্বাস্থ্যকেন্দ্ৰত ক’ভিড প্ৰতিষেধক নিয়মিতভাৱে প্ৰদান কৰা হ’ব৷ এইকেইটা প্ৰতিষেধক কেন্দ্ৰৰ বাবে ডাক্তৰ গনেশ শৰ্মাক ৯৪৩৫০৫১২৫০ নাম্বাৰত প্ৰয়োজন সাপেক্ষে যোগাযোগ কৰিব পাৰিব৷ সেইদৰে ভগামুখ স্বাস্থ্যখণ্ডৰ অধীনৰ ভগামুখ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বাবে ডাক্তৰ অজিত বৰাক ৯৪৩৫০৯১০১২ নাম্বাৰত যোগাযোগ কৰিব পাৰিব৷কাকজান স্বাস্থ্যখণ্ডৰ অধীনৰ কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ,চেনিজান ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, জাঁজীমুখ ৰাজ্যিক চিকিৎসালয় আৰু টীয়ক প্ৰাৰম্ভিক প্ৰেৰিত কেন্দ্ৰৰ বাবে ডাক্তৰ ৰেখা হাজৰিকাক ৯৪৩৫৩৫৩৯৮৪ নাম্বাৰত যোগযোগ কৰিব পাৰিব৷

 

আনহাতে নকছাৰী স্বাস্থ্যখণ্ডৰ অধীনৰ নকছাৰী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু চেলেংহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বাবে ডাক্তৰ বীৰু বৰকাকতীক ৭০০২৩৮৬২০৮ নাম্বাৰত যোগযোগ কৰিবলৈ আহ্বান জনোৱা হ’ল৷ শ’লমৰা স্বাস্থ্যখণ্ডৰ অধীনৰ শ’লমৰা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, কলবাৰী ৰাজ্যিক চিকিৎসালয়, গৰুমৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ,ঢেকৰগড়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ,ৰাজাহাউলী মাতৃ মঙ্গল কেন্দ্ৰ,দেবনাথ শৰ্মা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ,টঙ্কেশ্বৰ শৰ্মা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, নবৰাচুক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু পুৰনিমাটিৰ সহায়কাৰী স্বাস্থ্যকেন্দ্ৰৰ বাবে ডাক্তৰ দিলিপ দেৱ শৰ্মাক ৮১৩৫৯১৪৮৭৪ নাম্বাৰত যোগাযোগ কৰিব পাৰিব৷

 

P&C

তিতাবৰ স্বাস্থ্যখণ্ডৰ বাবে তিতাবৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,মহিমাবাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, টিপমীয়া ৰাজ্যিক চিকিৎসালয়, বৰহোলা সামূহিক স্বাস্থ্যখণ্ড, ৰাইডাংজুৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ,মেলামাটি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু বৰবামচুঙী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণৰ বিষয়ে তথ্য জানিবলৈ ডাক্তৰ ৰূপাঞ্জলী ফুকনক আৰু যোৰহাট নগৰ স্বাস্থ্যখণ্ডৰ অধীনত মাতৃ মঙ্গল কেন্দ্ৰ (যোৰহাট বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়) আৰু যোৰহাট মেডিকেল কলেজত প্ৰতিষেধক গ্ৰহণৰ বিষয়ে সবিশেষ জানিবলৈ ডাক্তৰ গুনিন্দ্ৰ বৰদলৈ আৰু দিব্যজ্যোতি শৰ্মাক ৭০০২৬৩৩১৩৪ ম’বাইল নাম্বাৰত যোগাযোগ কৰিবলৈ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডাক্তৰ শশধৰ ফুকনে আহ্বান জনাইছে৷

You might also like