Your Voice, Our Strength

ভেকচিন নোলোৱা কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ নিৰ্দেশ : ব্যৱসায়ীয়েও খুলিব নোৱাৰিব প্ৰতিষ্ঠান।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ কঠোৰ নিৰ্দেশ।

আজিৰ খবৰ, গুৱাহাটী, ৪ছেপ্টেম্বৰ : ভেকচিন গ্ৰহণক লৈ কঠোৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।ভেকচিন নোলোৱাকৈ কাৰ্যালয়লৈ কোনো কৰ্মচাৰী আহিব নোৱাৰিব। কৰ্মচাৰীসকলে ভেকচিন নোলোৱাৰ অজুহাতত কাৰ্যালয়লৈ নাহিলে বৰ্খাস্ত কৰাৰ নিৰ্দেশ

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । একেদৰে ব্যৱসায়ীৰ ক্ষেত্ৰতো ভেকচিন নোলোৱা গৰাকীয়ে খুলিব নোৱাৰিব ব্যৱসায়ী প্ৰতিষ্ঠান। এই নিৰ্দেশ নামানি প্ৰতিষ্ঠান খুলিলে উপাযুক্তই গঠন কৰি দিয়া দলে তৎক্ষণিক ভাবে ছীল কৰিব প্ৰতিষ্ঠান । এই কাৰ্যৰ বাবে উপাযুক্তক দিয়া হৈছে ক্ষমতা । নিয়ম নামানিলে চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান তাৎক্ষণিকভাৱে বন্ধ কৰা হ’ব। পৰ্যাপ্ত ভেকচিন মজুত থকাৰ পিছতো ভেকচিন গ্ৰহণ নকৰাৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। কেৱল এইয়াই নহয় সকলোচৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠান সন্মুখত থাকিব লাগিব চেলফ ডিকলাৰেশ্বন।

P&C
You might also like