Your Voice, Our Strength

কাগজ কলৰ কৰ্মচাৰীয়ে খালী কৰিব নালাগে আৱাসগৃহ।

আজিৰ খবৰ, গুৱাহাটী, ৭ ছেপ্টেম্বৰ : কাগজ কলৰ কৰ্মচাৰীয়ে সদ্যহতে খালী কৰিব নালাগে আৱাসগৃহসমূহ।জাগীৰোড আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰে সৈতে হোৱা ৰাজ্য চৰকাৰৰ আলোচনা ইতিমধ্যে সৌহাদ্যপূৰ্ণ বুলি জানিব পৰা গৈছে ।কৰ্মচাৰীৰে সৈতে হোৱা ৰাজ্য চৰকাৰৰ আলোচনা সৌহাদ্যপূৰ্ণ অৱস্থাত সমাপ্ত হৈছে৷ জানিব পৰা মতে বৈঠকত কৰ্মচাৰী পৰিষদৰ সকলো সদস্যই সন্তুষ্টি প্ৰকাশ কৰিছে৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হ’ব৷ তাৰ পাছতে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে ৰাইজক জনাব ভাল খবৰ। কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া সমস্যাটো খুব সোনকালে সমাধান হোৱাৰ আশা প্ৰকাশ কৰিছে কৰ্মচাৰী পৰিষদে।

You might also like