Your Voice, Our Strength

অসমৰ বাস্কেটবলক পুনৰুত্থান কৰাৰ বাবে অসম অলিম্পিক সন্থাৰ বিশেষ পদক্ষেপ।

আজিৰ খবৰ, গুৱাহাটী, ৭ ছেপ্টেম্বৰঃ বিগত তিনি বছৰৰো অধিক কাল বাস্কেটবল ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ পৰা অস্বীকৃত হৈ থকাৰ ফলত অসমত বাস্কেটবল খেলবিধ নিস্প্ৰভ হৈ পৰা দেখা গৈছে। খেলুৱৈৰসকলৰ স্বাৰ্থত অসমত বাস্কেটবল খেলবিধধক পুনৰ সক্ৰিয় কৰাৰ উদ্দেশ্যে অসম অলিম্পক সন্থাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি মঙলবাৰে জিলা বাস্কেটবল সন্থাসমূহৰ লগত অসম অলিম্পিক সন্থাৰ এখন সভা অনুষ্ঠিত হয়। সভাত পৰ্যবেক্ষক হিচাপে ভাৰতীয় বাস্কেটবল সন্থাৰ পৰ্যবেক্ষক গৌতম গাংগুলী উপস্থিত থাকে। অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অহা ৬০ দিনৰ ভিতৰত অসম বাস্কেটবল সন্থাৰ সংবিধান মানি চলি এখন পূৰ্ণাংগ কমিটি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ পূৰ্বে বাস্কেটবলৰ কাম-কাজসমূহ পৰিচালনা কৰাৰ বাবে সাংসদ পল্লৱ লোচন দাসৰ অধ্যক্ষতাত এখন ক’ৰ কমিটি গঠন কৰা হয়। ক’ৰ কমিটিৰ আন সদস্যসকল হ’ল- সঞ্জিৱ সন্দিকৈ, জেহিৰুল হক, কামিনী শৰ্মা আৰু প্ৰণামী দলে।কমিটিখনৰ সমন্নয়ক হ’ল-অনুপ চৌধুৰী। তদুপৰি নবেম্বৰত ৰাজ্যিক বাস্কেটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবেও আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত লক্ষ্য কোঁৱৰে কয়- বিগত প্ৰায় তিনিবছৰ কাল অসম বস্কেটবল সন্থাৰ ভাৰতীয় বস্কেটবল ফেডাৰেশ্বনৰ স্বীকৃতি নথকাৰ বাবে অসমৰ খেলুৱৈসকলে ইয়াৰ পৰিণাম ভুগিবলগীয়া হৈছে। খেলুৱৈৰ স্বাৰ্থত অসম অলিম্পিক সন্থাই সদায় পদক্ষেপ গ্ৰহণ কৰি যাব।গতিকে খেলুৱৈক প্ৰাধান্য দি ৰাজ্যিক বাস্কেটবল প্ৰতিযোগিতা আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ পৰাই ৰাষ্ট্ৰীয় বাস্কেটবল প্ৰতিযোগিতাৰ বাবে অসম দল বাছনি কৰা হ’ব।

You might also like