Your Voice, Our Strength

৩০ অক্টোবৰত হ’ব ৰাজ্যৰ ৫ টা সমষ্টিত উপ-নিৰ্বাচন।

উপ-নিৰ্বাচনৰ দিন ঘোষণা।

আজিৰ খবৰ, গুৱাহাটী, ২৮ ছেপ্টেম্বৰ : অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হৈছে । ৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ–নিৰ্বাচন। ৰাজ্যৰ ৫টা সমষ্টিৰ বাবে উপ–নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। গোসাঁইগাঁও, ভবানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাওৰা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব এই উপ-নিৰ্বাচন।

১ অক্টোবৰত জাৰি কৰিব অধিসূচনা।মনোনয়ন দাখিলৰ অন্তিম দিন ৮ অক্টোবৰ ধাৰ্য কৰা হৈছে । ইফালে বৰ্তমানলৈ মাজুলীৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই।সৰ্বানন্দ সোণোৱালে এতিয়াও ত্যাগ কৰা নাই বিধায়ক পদ। উল্লেখ্য যে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৩ অক্টোবৰ।২ নৱেম্বৰত ফলাফল ঘোষণা হ’ব।মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৬ অক্টোবৰ।

P&C
You might also like