Your Voice, Our Strength

৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চিৰ বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ।

এ ডি জি , মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ শিবিৰ পৰিদৰ্শন।

আজিৰ খবৰ , আজাৰা , ২ অক্টোবৰ : ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটৰ ২০২১ বর্ষৰ বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ গোৱালপাৰা জিলাৰ দুধনৈত জবাহৰ নৱদোয় বিদ্যালয় চৌহদত ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে । দুটা পৰ্যায়ত অহা ১০ অক্টোবৰলৈ চলিবলগীয়া শিবিৰত ইউনিটৰ অধীনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ জুনিয়ৰ , চিনিয়ৰ ডিভিজন , গাৰ্লছকে ধৰি প্ৰায় ১,১০০ জন কেডেটে ভাগ লৈছে । আনহাতে শিবিৰৰ কেম্প কমাণ্ডেণ্ট তথা ইউনিটৰ কমাণ্ডিং অফিচাৰ গ্রুপ কেপ্তেইন ৰবীন বিষয়ৰ তত্বাৱধানত চলি থকা শিবিৰত কেডেট সকলক দৈনিক শাৰীৰিক ব্যায়াম , দৌৰ , পেৰেড , ক্ৰীড়া , যোগ , বন্দুক চালনা তথা ফায়াৰিং , এৰো মডেলিং , অগ্নি নিৰ্বাপন , প্ৰাথমিক চিকিৎসা আদিৰ উপৰিও নিৰ্বাচিত একাংশ কেডেটক বৰঝাৰ বিমান বন্দৰ চৌহদত থকা ভাৰতীয় বায়ু সেনাৰ ঘাটিত দুখন আসনযুক্ত লঘু বিমান চালনাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । তেনেদৰে সন্ধিয়া কেডেট সকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশনকৰি আহিছে । আনহাতে পহিলা অক্টোবৰত শিবিৰ পৰিদৰ্শন কৰে এন চি চিৰ উত্তৰ পূব মণ্ডল সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) মেজৰ জেনেৰেল ভাস্কৰ কলিতাই । দিনৰ ভাগত শ্বিলঙৰ পৰা আহি উপস্থিত হোৱা জেনেৰেল কলিতাক কেম্প কমাণ্ডেণ্ট গ্রুপ কেপ্তেইন ৰবীন বিষয়ে আদৰণি জনোৱাৰ পাছত কেডেট সকলৰ অভিবাদন গ্ৰহণ কৰে কলিতাই । তাৰ পাছত কেডেট সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে প্ৰশিক্ষণ কাৰ্যৰ বুজ লয় । জেনেৰেল কলিতাই কেডেট সকলক উদ্দেশ্যি মূল্যবান ভাষণ দিয়ে
ইয়াৰ উপৰিও কেডেট সকলৰ সৈতে কলিতাই একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ।

You might also like