Your Voice, Our Strength

শিৱসাগৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি বন্যা।

বিজেপিয়ে যেনেকৈ ভোটাৰৰ পৰা ভোট লয়, তেনেকৈ ভোটাৰক উন্নয়নৰ লেখেৰে সেয়া ঘূৰায়ো দিয়ে- মুখ্যমন্ত্ৰী।

আজিৰ খবৰ, শিৱসাগৰ, ২১অক্টোবৰ: শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰত ভোটাৰক আকৰ্ষণৰ চেষ্টাৰে দিলে বহু প্ৰতিশ্ৰুতি । খামুন ৰংগমঞ্চত প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে

প্ৰচাৰ অভিযানত ভোটাৰক আকৰ্ষণৰ চেষ্টাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বোৱালে বহু প্ৰতিশ্ৰুতি বন্যা ।মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ সভাত প্ৰতিশ্ৰুতি দি কয় যে,” বিজেপিয়ে যেনেকৈ ভোটাৰৰ পৰা ভোট লয়, তেনেকৈ ভোটাৰক উন্নয়নৰ লেখেৰে সেয়া ঘূৰায়ো দিয়ে৷ থাওৰা সমষ্টিত অনাগত ৩ মাহৰ ভিতৰত অতিৰিক্তভাবে ৫ হাজাৰ লোকক অৰুণোদয় আঁচনিত সামৰি লোৱাৰ লগতে চৰকাৰৰ বৰ্ষপূৰ্তিৰ পূৰ্বেই এক লাখ নিৱনুৱাক চাকৰি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে থাওৰা সমষ্টিত চিকিৎসা মহাবিদ্যালয় হোৱাৰ লগতে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ কাম নৱেম্বৰ মাহৰ পৰা শিৱসাগৰৰ পৰা আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে ।দিচাং নদীৰ ওপৰত নঙলামৰা আৰু লাখমণি ঘাটত দুখন দলঙৰ কাম তিনিমাহৰ ভিতৰত আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে নেমুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা আৰু বাণিজ্য শাখাৰ আৰম্ভ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।ইফালে বৰদেওধাই শাললৈ ১ কোটি টকাৰ অনুদান, বাখৰবেঙেনা বৃক্ষলৈ ৫০ লাখ টকাৰ অনুদানো তেওঁ ঘোষণা কৰে। লগতে দুয়োটা স্থানক পৰ্যটনক্ষেত্ৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে৷”

P&C

You might also like