
চিচ’ৰেই লাভ কৰিলে শ্ৰেষ্ঠ হিন্দী ছবিৰ খিতাপ।
নতুন দিল্লীত ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান।
আজিৰ খবৰ, নতুন দিল্লী, ২৫ অক্টোবৰ: সোমবাৰে নতুন দিল্লীত প্ৰদান কৰা হয় ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। এইবাৰ বঁটা প্ৰদানত ২০১৯ বৰ্ষৰ বাবে হিন্দী শ্ৰেষ্ঠ ছবিৰ খিতাপ অৰ্জন কৰে চিচ’ৰেই। আনহাতে মণিকৰ্নিকা ছবিৰ বাবে কংগনা ৰানাৱটে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে ভোজপুৰী অভিনেতা মনোজ বাজপেয়ী আৰু ধনুষ-এ। শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে ‘মাৰাক্কাৰ- লায়ন অৱ দা আৰবিয়ান চি’-এ। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু-এ বঁটাসমূহ প্ৰদান কৰে। উল্লেখ্য যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানত হিন্দী, তামিল, তেলেগু, মালায়ালম আৰু মাৰাঠীকে ধৰি দেশৰ বিভিন্ন চলচ্চিত্ৰ উদ্যোগৰ পৰা অহা সৰ্বশ্ৰেষ্ঠ প্ৰতিভাক সন্মান জনোৱা হয়।