Your Voice, Our Strength

গুৱাহাটী ৰেলৱে ষ্টেচনত সংৰক্ষিত আৰু অসংৰক্ষিত টিকট কাউণ্টাৰক একলগ কৰাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ষ্টেচনৰ সন্মুখত এন এফ ৰেলৱে এম্প’লয়িজ ইউনিয়নৰ অৱস্থান ধৰ্মঘট।

আজিৰ খবৰ, গুৱাহাটী , ১৬ নৱেম্বৰ : উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনৰ লামডিং ৰেলৱে মাণ্ডলিক প্ৰবন্ধকৰ ( ডি আৰ এম ) কার্যালয়ে শেহতীয়াকৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অতি ব্যস্ততাপূৰ্ণ ৰেলৱে ষ্টেচন হিচাপে পৰিচিত গুৱাহাটী ৰেলৱে ষ্টেচনত যাত্ৰীৰ বাবে থকা সংৰক্ষিত আৰু অসংৰক্ষিত টিকট কাউণ্টাৰ সমূহক একলগ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । কিন্তু ৰেলৱে কৰ্তৃপক্ষৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰী সকলৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্প’লয়িজ ইউনিয়নে । আজি এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এম্প’লয়িজ ইউনিয়নৰ গুৱাহাটী শাখাই গুৱাহাটী ৰেলৱে ষ্টেচনৰ সন্মুখত দিনৰ ভাগত ডেৰ ঘন্টাযোৰা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে । গুৱাহাটী শাখাৰ সভাপতি গুনেন্দ্ৰ বৰুৱা আৰু সম্পাদক অৰূপ কলিতাৰ আহ্বান মৰ্মে অনুষ্ঠিত কাৰ্যসূচীত শতাধিক কৰ্মচাৰীয়ে ভাগ লয় । আনহাতে প্ৰতিবাদী কাৰ্যসূচীত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মন , সাংগঠনিক সম্পাদক জয়ন্ত চৌধুৰীয়ে লামডিং ডি আৰ এমৰ এই হঠকাৰী সিদ্ধান্তই ৰেলৱেৰ কৰ্মচাৰীৰ সমান্তৰালভাৱে ৰেলযাত্ৰী সকলক বহু ক্ষতি কৰিব বুলি তথ্য সহকাৰে দাঙি ধৰে । বিশেষকৈ গুৱাহাটীৰ দৰে দৈনিক হাজাৰ হাজাৰ যাত্ৰীৰ সমাগম হোৱা ব্যস্ত ৰেলৱে ষ্টেচনত এটা টিকট কাউণ্টাৰত কৰ্তব্যৰত কৰ্মচাৰীয়ে একেলগে এজন স্থানীয় যাত্ৰীক অসংৰক্ষিত টিকট আৰু দূৰণিবটিয়া যাত্ৰীক সংৰক্ষিত টিকট প্ৰদান কৰিবলৈ হলে কেনে ধৰণৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হব বুলি ব্যক্ত কৰে । গতিকে লামডিং সংমণ্ডলৰ ডি আৰ এমক এই হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দুয়োজন নেতাই আহ্বান জনায় । ইফালে কাৰ্যসূচীৰ অন্তত ইউনিয়নৰ গুৱাহাটী শাখাৰ ফালৰ পৰা লামডিং ৰেলৱে সংমণ্ডলৰ ডি আৰ এমক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি গুৱাহাটীৰ দৰে অতি ব্যস্ততম ৰেলৱে ষ্টেচনত যাত্ৰী – কৰ্মচাৰী উভয়ৰে ক্ষতি সাধন কৰিব পৰা এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনোৱা হয় । শাখা সম্পাদক অৰূপ কলিতাই সদৰি কৰা অনুসৰি ৰেলৰ চলাচল স্বাভাৱিক অৱস্থাত থকা সময়ত গুৱাহাটী ৰেলৱে ষ্টেচনত থকা টিকট কাউণ্টাৰত দৈনিক গড় হিচাপত প্ৰায় ১০ হাজাৰ জন স্থানীয় যাত্ৰীয়ে অসংৰক্ষিত টিকট কাটি স্থানীয় যাত্ৰীবাহী ৰেলৰেযাত্ৰা কৰে । ইমান সংখ্যক যাত্ৰীক একেলগে সংৰক্ষিত টিকট কাউণ্টাৰত টিকট কাটিবলৈ শাৰী পাতিব দিলে অকল্পনীয় পৰিস্থিতিৰ উদ্ভৱ হোৱাটো নিশ্চিত । কৰ্তৃপক্ষই এই সিদ্ধান্ত বাতিল নকৰিলে ৰেলৱে শ্ৰমিক – কৰ্মচাৰী সকলে গুৱাহাটী ৰেলৱে ষ্টেচনত পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি অৰূপ কলিতাই সকীয়াই দিয়ে ।

You might also like