Your Voice, Our Strength

১১ মাহত ১০ কৌটি টকাতকৈ অধিক মূল্যৰ নিষিদ্ধ , নিচাযুক্ত , চোৰাং সামগ্ৰী উদ্ধাৰ , ৯৯ জনক গ্ৰেপ্তাৰ , ৫৯৯ জনক উদ্ধাৰ।

আজিৰ খবৰ, গুৱাহাটী, ৯ ডিচেম্বৰ : উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফে যাত্ৰীবাহী ৰেল , ৰেল ষ্টেচন , ৰেলৱে পৰিসৰত নিষিদ্ধ বা নিচাযুক্ত , চোৰাং সামগ্ৰী সৰবৰাহ হব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে । সমান্তৰালভাৱে মানৱ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধেও অভিযান চলাই আহিছে আৰ পি এফে । উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া গুনীত কৌৰে সদৰি কৰা অনুসৰি চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈ বিগত ১১ টা মাহত আৰ পি এফে যাত্ৰীবাহী ৰেল , ৰেল ষ্টেচনকে ধৰি ইয়াৰ পৰিসৰত চলোৱা অভিযানত প্ৰায় ১০ কৌটি টকাৰ নিচাযুক্ত , নিষিদ্ধ আৰু চোৰাং সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।অভিযানত এই সন্দৰ্ভত ৩০০ টা ঘটনাৰ বিপৰীতে হাতে লোটে ৯৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । তেনেদৰে সৰবৰাহকাৰীৰ পৰা শিশু , মহিলাকে ধৰি মুঠ ৫৯৯ জন লোকক উদ্ধাৰ কৰা হৈছে ইয়াৰে ৭৬ জনক উদ্ধাৰ কৰা হৈছে মানৱ সৰবৰাহকাৰীৰ পৰা । এই অভিযানত মুঠ ২২ জন মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰ পি এফে ।

You might also like