Your Voice, Our Strength

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰে চহকী মাজুলীৰ কৃষিখণ্ডত উন্নয়নৰ আমূল পৰিৱৰ্তন : অতুল বৰা।

আজিৰ খবৰ, মাজুলী, ১৫ ডিচেম্বৰ : আজি মাজুলীৰ নতুন বকৰা গাঁৱত উপস্থিত হৈ APART ৰ আৰ্থিক সাহায্যৰে ৬৫ খন গাঁও সামৰি লোৱা “মাজুলী ৰিভাৰ বেংক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড”-এ আৰম্ভ কৰা সৰিয়হ খেতি পৰিদৰ্শন কৰি এখন সভাত অংশ লয় কৃষিমন্ত্ৰী অতুল বৰাই ।

P&C

সৰিয়হ খেতিৰে মাজুলীৰ কৃষিখণ্ডলৈ আহিছে আমূল পৰিৱৰ্তন। পূৰ্বতে ৭০ হাজাৰ কুইন্টল সৰিয়হ উৎপাদন হোৱা মাজুলীত “PM 28” নামৰ এক উন্নতমানৰ নতুন বীজেৰে এতিয়া কৃষকসকলে সৰিয়হ খেতি আৰম্ভ কৰি অধিক উৎপাদনমুখী হ’বলৈ সক্ষম হৈছে। এই বীজবিধৰ উৎপাদন ক্ষমতা পৰম্পৰাগত আন বীজৰ তুলনাত দুগুণ।

অনাগত দিনত মাজুলীয়ে সৰিয়হ উৎপাদনৰ ক্ষেত্ৰত এক নতুন বিপ্লৱ সৃষ্টি কৰাৰ লগতে কৃষি খণ্ডত এক যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব বুলি কৃষিমন্ত্ৰী অতুল বৰা আশাবাদী। এইক্ষেত্ৰত নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকল আগবাঢ়ি অহাতো শুভ লক্ষণ। সভাত কৃষিমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ কৃষি উৎপাদনৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ শলাগ লয় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষকৰ বিকাশৰ বাবে কৃষি খণ্ডত যথেষ্ট পৰিমাণে বিনিয়োগ কৰাৰ লগতে বিভিন্ন কল্যাণকামী আঁচনিও গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ চৰকাৰেও কৃষকৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণৰ বাবে “মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা”ৰ অধীনত প্ৰতিখন ৰাজহ গাঁৱক ট্ৰেক্টৰ প্ৰদান, সৌৰ বিদ্যুৎ, জলসিঞ্চন আদিৰ ব্যৱস্থাকে ধৰি বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে।

 

আজিৰ সভাত মাজুলীৰ জিলা উপায়ুক্ত পুলক মহন্ত, মহকুমা কৃষি বিষয়া ঈৰ্শাদ আলী, কৃষি পৰামৰ্শদাতা ড° ইমৰান হুছেইন, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল, মাজুলী ৰিভাৰ বেংক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ কৰ্মকৰ্তাসকল, কৃষকসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

You might also like