মাজুলীত জিলা উপায়ুক্ত প্ৰমুখ্যে বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠক কৃষিমন্ত্ৰী অতুল বৰাৰ ।
আজিৰ খবৰ, মাজুলী, ১৫ ডিচেম্বৰ : আজি মাজুলীৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত প্ৰমুখ্যে বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰা । বৈঠকত সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলৰ পৰা জিলাখনৰ সকলো উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে প্ৰধানমন্ত্ৰী কিষাণ যোজনা, Majuli as Organic Hub, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আদি আঁচনিসমূহৰ ৰূপায়ণ স্থিতি সন্দৰ্ভত বুজ লয় মন্ত্ৰী গৰাকীয়ে । লগতে বিষয়াসকলক সকলো আঁচনিৰ কাম-কাজসমূহ সুচাৰুৰূপে নিৰ্ধাৰিত সময়ৰ ভিতৰত সমাপন কৰিবলৈ নিৰ্দেশ দিয়ে ।
মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ট্ৰেক্টৰ লাভ কৰিবলৈ বাকী থকা মাজুলীৰ ৬খন ৰাজহ গাঁৱৰ আত্মসহায়ক গোটক আজি ট্ৰেক্টৰ প্ৰদান কৰা হয় । মাজুলীৰ মুঠ ১৪১খন ৰাজহ গাঁৱৰ সকলো আত্মসহায়ক গোটক ট্ৰেক্টৰ প্ৰদানেৰে সমগ্ৰ অসমৰ ভিতৰত মাজুলীয়ে ১০০% ট্ৰেক্টৰ প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱাৰ কথা জানিব পাৰি সুখী মন্ত্ৰী অতুল বৰা ।
তদুপৰি, মাজুলীৰ পৰা অষ্ট্ৰেলিয়ালৈ ৰঙা বাও ধান ৰপ্তানি হোৱাৰ লগতে অসমৰ ভিতৰত মাজুলীতেই সম্পূৰ্ণ ক’লা চাউল উৎপাদনৰ কথা জানিব পৰা যায় । এইক্ষেত্ৰত কৃষি বিষয়া আৰু কৃষকসকলৰ সমৰ্পিত প্ৰচেষ্টাৰ শলাগ লয় মন্ত্ৰী অতুল বৰাই ।
আজিৰ বৈঠকত জিলা উপায়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক গৌতম বৰা তথা জিলা প্ৰশাসনৰ বিষয়াসকল আৰু কৃষি, পশুপালন আৰু পশু চিকিৎসা, সমবায় আদি বিভাগৰ জিলা পৰ্যায়ৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।