Your Voice, Our Strength

“অঙ্গনা”ৰ নাট “লাইচেন্স”ৰ ৰৱীন্দ্ৰ ভৱনত সফল মঞ্চায়ন।

আজিৰ খবৰ, গুৱাহাটী, ১৬ ডিচেম্বৰ : ৰৱীন্দ্ৰ ভৱনত আয়োজিত পূৰ্বৰঙ্গৰ ৭ম বাৰ্ষিক ৰাষ্ট্ৰীয় নাট সমাৰোহত যোৱা১৩ ডিচেম্বৰ,২০২১ৰ সন্ধিয়া ‘অঙ্গনা’ৰ দ্বাৰা ভাৰতৰ প্ৰখ্যাত আৰু বহু চৰ্চিত চুটিগল্প লেখক চাদাৎ হাছান মন্টোৰ বিখ্যাত গল্প লাইচেন্সৰ আধাৰত মুম্বাইৰ খ্যাতনামা নাট্যকৰ্মী অমিত পাঠকৰ একে নামৰ নাট্যৰূপৰ সফল মঞ্চায়ন হয়। ভাৰতৰ লগতে আন আন চুবুৰীয়া দেশসমূহত নাট্যৰসিকৰ মাজত জনপ্ৰিয় এই “লাইচেন্স”নাটকৰ পৰিচালকৰ দায়িত্বত আছিল অমিত পাঠক আৰু উজ্জ্বলা বৰ্মন।সংগীত আছিল তৃষান বৰ্মণৰ। নাটকখনৰ মুখ্য চৰিত্ৰসমূহত অভিনয় কৰিছিল ক্ৰমে বিনয় ডেকা,অমিত পাঠক, উজ্জ্বলা বৰ্মণ, অংশু বৰা,মনোজ বৰকটকী,স্বপন দাস,উৎপল পাঠক,হাছান,ৰাজু,কল্পনা দাস,বিনীতা ,নেইনা,দক্ষিণা,ৰশ্মি, সৃষ্টি, সুৰভি,বন্দনা, চন্দন, আৰু মুন।সহকাৰী পৰিচালকৰ দায়িত্বত আছিল ৰাজেশ বৰ্মণ। নাটকখনৰ মঞ্চসজ্জা কংকণ দাস আৰু পোহৰ কৌশিক বৰবৰাৰ।

P&C
You might also like