Your Voice, Our Strength

কামৰূপ কৃষি বিজ্ঞান কেন্দ্রত কৃষি সামগ্রী ব্যৱসায়ীৰ ১৫ দিনীয়া প্রশিক্ষণ শুভাৰম্ভ।

আজিৰ খবৰ, গুৱাহাটী, ১৬ ডিচেম্বৰ : ১৫ ডিচেম্বৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট,ৰাজ্যিক কৃষি বিভাগ আৰু কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত, মুৰব্বী ড° ধীৰেন কলিতাৰ নেতৃত্বত কৃষি বিজ্ঞান কেন্দ্রৰ চৌহদত কৃষি সামগ্রী ব্যৱসায়ীৰ দ্বিতীয় পৰ্যায়ৰ ১৫ দিনীয়া প্রশিক্ষণৰ শুভাৰম্ভ হয়। এই উপলক্ষে আৰম্ভণি ভাষণ দিয়ে কৃষি বিজ্ঞান কেন্দ্রৰ মুৰববীয়ে।এই অনুষ্ঠানত কৃষি বিভাগৰ সহকাৰী সঞ্চালক ইউচোফ আলী, উদ্যান শস্য গৱেষণা কেন্দ্রৰ প্রধান বিজ্ঞানী, ড° অখিল ডেকা আৰু ড° প্ৰমোদ ডেকা, বিভিন্ন কৃষি বিজ্ঞান কেন্দ্রৰ বিশেষজ্ঞা উপস্থিত আছিল। এই অনুষ্ঠানটি কৃষি বিজ্ঞান কেন্দ্রৰ বিশেষজ্ঞ ৰিজৱানুল হেলিমে আঁত ধৰে।

P&C
You might also like