Your Voice, Our Strength

খানাপাৰা-চানমাৰিত পৰিবহণ বিভাগৰ তালাচীত স্কুল বাছসহ ৩ খনকৈ বাহন জব্দ।

নথিপত্ৰৰ বিসংগতি-কৰ পৰিশোধ নকৰাত এখন স্কুল বাছসহ দুখনকৈ ব্যৱসায়িক বাহন জব্দ: ৬০টাকৈ গোছৰ তৰি বিহিলে জৰিমনা।

আজিৰ খবৰ, গুৱাহাটী, ৭ মাৰ্চ: সোমবাৰে মহানগৰীৰ খানাপাৰাৰ লগতে চানমাৰীৰ উৰণীয়া সেঁতুৰ তলত নথিপত্ৰ নৱীকৰণ আৰু যাৱতীয় কৰ পৰিশোধ নকৰা দুই শতাধিক বাহনত তালাচী চলায় কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দলে ৷ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত আৰু জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত যান-বাহন পৰিদৰ্শক অমৰ বৰুৱা আৰু দুৰ্গা গগৈৰ উপস্থিতিত প্ৰৱৰ্তক পৰিদৰ্শক মৰমী ওজা আৰু গজেন হাজৰিকাৰ দলৰ লগতে বিভাগৰ বিষয়া-কৰ্মীৰ সহযোগত চলোৱা হয় এই অভিযান। অভিযান কালত দীৰ্ঘদিন ধৰি কৰ অনাদায়ৰ লগতে যান-বাহনৰ নথিপত্ৰৰ গুৰুতৰ বিসংগতি ধৰা পৰাত এখন স্কুল বাছসহ দুখন ব্যৱসায়িক বাহন জব্দ কৰা হয় । চালকৰ অনুজ্ঞাপত্ৰ নৱীকৰণ নকৰা, বীমা নথকা, ফিটনেছ আৰু প্ৰদূষণ মুক্তৰ প্ৰমানপত্ৰ নথকাৰ তথ্য ধৰা পৰাত ৬০খন বাহনৰ বিৰুদ্ধে গোছৰ তৰি ঠিতাতে ই-চালান প্ৰেৰণ কৰি জৰিমণা বিহা হয় ৷ ইফালে উল্লিখিত স্থানসমূহত তালাচী অভিযানৰ সমান্তৰালভাৱে লালগণেশ, ওডালবাক্ৰা, লখৰা, সাওঁকুছি আদি অঞ্চলত বাহনৰ মালিক, যানবাহন ব্যৱহাৰকাৰী উদ্যোগ-প্ৰতিষ্ঠানৰ লগতে বিভিন্ন নিৰ্মাণকাৰী সংস্থাৰ দুৱাৰে দুৱাৰে বিভাগৰ দল উপস্থিত হৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰি শীঘ্ৰে বাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে যাৱতীয় কৰ আদায়ৰ বাবে সকীয়াই দিয়ে ৷

You might also like