Your Voice, Our Strength

সৰুসজাইত শুভাৰম্ভ আন্তঃজিলা এথলেটিকচ্ প্ৰতিযোগিতা।

মেডেল নহয়,গুৰুত্ব দিব লাগে প্ৰদৰ্শনত-ক্ৰীড়ামন্ত্ৰী।

আজিৰ খবৰ, গুৱাহাটী, ১০ মাৰ্চ : ৰাজ্যৰ ৯ শতাধিক ক্ৰীড়াবিদৰ অংশগ্ৰহনেৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকচ্ ষ্টেডিয়ামত উখল-মাখল পৰিবেশৰ মাজেৰে শুভাৰম্ভ হ’ল ৪৩ সংখ্যক আন্তঃজিলা জুনিয়ৰ-ছিনিয়ৰ এথলেটিকচ্ প্ৰতিযোগিতা। ক্ৰীড়ামন্ত্ৰী বিমল বৰাই উদ্বোধন কৰা এথলেটিকচ্ প্ৰতিযোগিতাখন প্ৰথম দিনটোত পুৱা পুৰুষৰ ১০০০০মিটাৰ ইভেন্টেৰে আৰম্ভ হয়। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ক্ৰীড়ামন্ত্ৰী বিমল বৰাই খেলুৱৈক উদ্দেশ্যি কয়- অসমৰ ক্ৰীড়াই এতিয়া বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত জাকত-জিলিকা ৰূপত নাম খোদিত কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে কয়-কোনোবাই জিকিব আৰু কোনোবাই হাৰিব,কিন্তু আমি ভাগৰি পৰিলে নহব,মেডেল নহয় ,আমি গুৰুত্ব দিব লাগিব প্ৰদৰ্শনত। অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত আৰু অসম ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত আয়োজিত এই প্ৰতিযোগিতাখনৰ আদৰণি ভাষন প্ৰদান কৰে অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে।এথলেটিকচ্ প্ৰশিক্ষক নিপন দাসে আঁত ধৰা প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুস্থানত অতিথিৰ আসন অলংকৃত কৰে ৰাজহ মন্ত্ৰী যোগেন মোহন,ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা,ক্ৰীড়া বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী,অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ,অসম এথলেটিকচ্ সন্থাৰ সম্পাদক অশোক ভৰালী,প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় এথলীট তৈবুননিছাৰ লগতে অসম অলিম্পিক সন্থাৰ কেইবাগৰাকীও বিষয়-ববীয়াই। ১১ মাৰ্চলৈ চলিবলগীয়া প্ৰতিযোগিতাখনত ৩৭ খন জিলাৰ ৯৬৯ গৰাকী খেলুৱৈয়ে অংশগ্ৰহন কৰিছে।আনহাতে দুৰ্ঘটনাত পতিত হৈ বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ ছাবীনা মিঞ্জৰ সু-স্বাস্থ্য কামনাৰে চিকিৎসাৰ বাবে অসম এথলেটিকচ্ অলিম্পিক সন্থাই ২৫ হাজাৰ টকাৰ চেক ক্ৰীড়ামন্ত্ৰীৰ হাতেৰে অসম ফুটবল সন্থাৰ কোষাধক্ষ্য হীৰেন গগৈৰ হাতত প্ৰদান কৰে।

You might also like