Your Voice, Our Strength

বি জি ফাউণ্ডেচনৰ উদ্যোগত ডঃ ভাস্কৰজ্যোতি গগৈ স্মাৰক বক্তৃতানুষ্ঠান

ভূপেন হাজৰিকাৰ গানৰ বঁটা বিতৰণ বি জি ফাউণ্ডেচনৰ

আজিৰ খবৰ, গুৱাহাটী,১৪মাৰ্চ: সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ডঃ ভাস্কৰজ্যোতি গগৈ সোঁৱৰণী এক স্মাৰক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গানৰ প্ৰতিযোগিতাৰ ফলাফলৰ বঁটা সমূহ বিতৰণ কৰে বি জি ফাউণ্ডেচনে । বক্তৃতা অনুষ্ঠানৰ বিষয় আছিল “”গণসংযোগৰ ধ্ৰুপদী মাধ্যম স্বৰূপে ডঃ ভূপেন হাজৰিকাৰ গান”। ডঃ অনামিকা দুৱাৰাই আঁত ধৰা বক্তৃতা অনুষ্ঠানত বক্তৃতা বিষয়ত মূল বক্তা হিচাপে উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে প্ৰথিতযষা নৃতত্ববিদ, সাহিত্যিক তথা গীতিকাৰ অধ্যাপক ডঃ বিৰিঞ্চি কুমাৰ মেধিয়ে । উল্লেখযোগ্য যে বিগত বছৰৰ পৰা ডঃ ভূপেন হাজৰিকা দেৱৰ গীতৰ গৱেষক ডঃ ভাস্কৰজ্যোতি গগৈ সোঁৱৰণী ভূপেন্দ্ৰ সংগীত প্ৰতিযোগীৰ আয়োজন কৰি অহা হৈছে জি ফাউণ্ডেচনৰ উদ্যোগত । এইবেলিও ২৫ ফেব্ৰুৱাৰী ২০২২ পৰা অনলাইন মাধ্যমত আয়োজন কৰা এই প্ৰতিযোগিতাৰ । আনহাতে এইবাৰৰ বি.জি. ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰে ক্ৰমে “ক“ শাখা ত প্ৰথম – গুনগুন কাশ্যপ, দ্বিতীয় – অলকানন্দা ভূঞাঁ , তৃতীয় – শ্ৰুতি মাধুৰ্য্য বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে প্ৰিয়াঞ্চী বৰ্মন, কৃষ্টিকন্যা শইকীয়া আৰু নয়োদিতা দাসে। “খ“ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে- দেৱাস্মীতা কাশ্যপ, দ্বিতীয় – ধৃতিৰাজ কুণ্ডিল্য, তৃতীয় – শালিনী দুৱৰাই। আজিৰ অনুষ্ঠানতে পুৰস্কাৰ প্ৰাপ্ত সকলক পুৰস্কাৰ সমূহ প্ৰদান কৰা হয়। আনহাতে এই বছৰৰ পৰা এগৰাকী শিল্পীক সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বি জি ফাউণ্ডেচনে । এই বছৰ শিল্পী সূৰ্য্য গোস্বামী দেৱক ফাউণ্ডেচনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় বুলি জানিবলৈ দিয়ে উদ্যোগতা সকলে।

You might also like