Your Voice, Our Strength

কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ তৎপৰতা

সাৱধান : হোলীত সুৰাপান কৰি বাহন চলালে আটক হব চালক , জব্দ হব বাহন।

আজিৰ খবৰ, গুৱাহাটী, ১৮ মাৰ্চ : বিগত ব ৰ্ষৰ ডিচেম্বৰ মাহত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পথ সুৰক্ষা দিশটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি পৰিবহণ বিভাগক ৰাজহ সংগ্ৰহৰ সমান্তৰালভাৱে এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষৰে কাম কৰিবলৈ নিৰ্দেশনা দিছে । একে নিৰ্দেশনা দিছে অসম আৰক্ষীকো । আনকি নৱবৰ্ষক আদৰাৰ নামত যোৱা ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীত যাতে কোনেও সুৰাপান কৰি ৰাজপথত বাহন নচলাই তাৰ বাবে আৰক্ষী আৰু পৰিবহণ বিভাগে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি বিশেষ অভিযান চলাইছিল । আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৩১ ডিচেম্বৰৰ নিশা গুৱাহাটী মহানগৰীৰ বিভিন্ন ৰাজপথত হাতে কামে নামি পৰি আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিশেষ অভিযানৰ তদাৰক কৰিছিল । ফলত বিগত বৰ্ষ সমূহৰ তুলনাত এইবেলি নৱবৰ্ষক আদৰাৰ নামত গুৱাহাটীকে ধৰি ৰাজ্যৰ আন আন জিলাত বিশেষ দুৰ্ঘটনা সংঘটিত নহল । পৰৱৰ্তী মাঘৰ বিহুৰ উৰুকাৰ সময়তো একে তৎপৰতা গ্ৰহণ কৰা বাবে ৰাজপথত উৰুকাৰ নিশা তেনে কোনো দুৰ্ঘটনা সংঘটিত নহল । সেই সফলতাৰ পাছত আগন্তক হোলীলৈ মাজতে মাত্ৰ এটা দিন বাকী থকা অৱস্থাত এইবাৰ হোলীৰ সময়ত কোনো চালকে যাতে সুৰাপান কৰি ৰাজপথত বাহন চলাব নোৱাৰে তাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে তৎপৰতা আৰম্ভ কৰিছে । ইয়াৰ অংশ হিচাপে পৰিবহণ বিভাগৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) কাৰ্যালয়ৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত জিলা পৰিবহণ বিভাগে হোলীত সুৰাপান কৰি বাহন নচলাবলৈ আহ্বান জনায় গুৰুত্বপূৰ্ণ স্থান সমূহত হৰ্ডিং , বেনাৰ স্থাপন কৰা পৰিলক্ষিত হৈছে । এই সন্দৰ্ভত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে হোলীৰ সময়ত বহুতে আনন্দত মতলীয়া হৈ সুৰাপান কৰি দুচকীয়া – চাৰিচকীয়া বাহন চলাই দুৰ্ঘটনা সংঘত কৰি নিজৰ লগতে আনৰো সৰ্বনাশ মাতি আনে । ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীয়ে উৎসৱৰ গইনা লৈ কোনো চালকে যাতে সুৰাপান কৰি ৰাজপথত বাহন চলাব নোৱাৰে আৰু তেনে ঘটনা ৰোধ কৰিবলৈ নিৰ্দিষ্ট দিছে । গতিকে হোলীৰ নামত আনন্দত মতলীয়া হৈ পথত বাহন চলালে তেনে চালকক পৰিবহণ বিভাগে আৰক্ষীৰ সহযোগত আটক কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বাহন জব্দ কৰা হব বুলিও সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে জানিবলৈ দিছে ।

You might also like