Your Voice, Our Strength

জালুকবাৰী ঈদগাহ ময়দানত ঈদৰ সমূহীয়া নামাজৰ আয়োজন

আজিৰ খবৰ, গুৱাহাটী, ৩০ এপ্ৰিল : বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ এমহীয়া ৰমজান মাহৰ সামৰণিত বিশ্বৰ তথা দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো সকলো ঠিকে থাকে থাকিলে অহা ৩ মে’ত ঈদ – উল – ফিটৰৰ সমূহীয়া নামাজ অনুষ্ঠিত হব । আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান বা মছজিদৰ দৰে জালুকবাৰী ঈদগাহ ময়দানতো কভিডৰ বাবে দুবছৰ বিৰতিৰ অন্তত অনুষ্ঠিত হবলগীয়া ঈদৰ সমূহীয়া নামাজ উপলক্ষে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । জালুকবাৰী ঈদগাহ কমিটিৰ সভাপতি আলহাজ ইব্ৰাহিম আলী , কাৰ্যকৰী সভাপতি আলহাজ চৰিফ উল্লাহ , সাধাৰণ সম্পাদক আবুল আলী , কোষাধ্যক্ষ নাছেম আলীয়ে এটা বিবৃতিত সিদিনা পুৱা ৯ বজাত জালুকবাৰী ঈদগাহ ময়দানত অনুষ্ঠিত লবলগীয়া সমুহীয়া নামাজত উপস্থিত থাকিবলৈ সকলোকে আহ্বান জনাইছে । নামাজৰ লগত সংগতি ৰাখি সিদিনা জাকাট , ফিটৰা , লাৱাৰীজ , ইমাম , ঈদগাহ , মছজিদ , কবৰস্থানৰ উন্নয়নৰ বাবে ধন সংগ্ৰহ কৰা হব ।

You might also like