Your Voice, Our Strength

কুমাৰ ইঞ্জিনীয়াৰিঙৰ বিশ্বমানৰ “ইলেক্ট্রিক গুডছ কেৰিয়াৰ” বাহন মুকলি কৰিলে ৰাষ্ট্ৰদূত , প্ৰধানমন্ত্ৰীৰ বিশেষ পৰামৰ্শদাতা দীপক ভোহৰাই

আজিৰ খবৰ, গুৱাহাটী , ৪ মে : অসম ভিত্তিক অগ্ৰণী অর্ট’মবাই কোম্পানী “কুমাৰ ইঞ্জিনীয়াৰিং” ৰে থলুৱা প্ৰযুক্তিৰে অসমৰ বাট পথত চলাচল কৰিব পৰাকৈ নিৰ্মাণ কৰিছে তেওলোকৰ বহু প্রতিক্ষীত মডেল “কুমাৰ”ৰ সৈতে নতুন (ইলেক্ট্রিক গুডছ কেৰিয়াৰ) বাহন । আজি গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে এই নতুন বাহনখন বজাৰত মুকলি কৰা হয় । উল্লেখযোগ্য যে এই বিদ্যুৎচালিত বাহনখনৰ মুঠ ওজন হৈছে ৭৫৬ কেজি আৰু ই ১৫০০ আৰপিএমত ১.৪২ কিল ৱাট শক্তি বহন কৰিব। আনহাতে বাহনখনৰ মুকলি কৰে ৰাষ্ট্ৰদূত তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ পৰামৰ্শদাতা আৰু কোম্পানীৰ অধ্যক্ষ দীপক ভোহৰাই । অনুষ্ঠানত দীপক ভোহৰাই কয় যে ভাৰত চৰকাৰৰ পৰা আই-চিএটি অনুমোদন লাভ কৰাৰ পাছত কোম্পানীয়ে মুকলি কৰা উক্ত বাহনখনে ৩১০ কেজিলৈকে ওজন কঢ়িয়াব পাৰিব। তেও লগতে উল্লেখ কৰে যে এবাৰ চার্জ কৰিলে বাহনখনে ১০০ কি: মি: দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হ’ব । তেনেদৰে বিশেষভাবে ডিজাইন কৰা বাহনখনৰ বেটারি ৪ ঘন্টাতে সম্পূর্ণ চার্জ কৰিব পৰা যাব। অসমৰ বজাৰত অনতিপলমে উপলব্ধ হ’ব লগীয়া কুমাৰ ইঞ্জিনীয়াৰিঙৰ বিশ্বমানৰ বিদ্যুৎ চালিত সামগ্রী কঢ়িওৱা বাহনখন ন্যূনতম সমর্থন মূল্য এমএছপি ৰ সৈতে ১,৯৯,০০০ টকাত ক্ৰয় কৰিব পাৰিব। লগতে অসমৰ বিভিন্ন স্থানত অৱস্থিত ১৮ টা কুমাৰ চেলছ এণ্ড চাৰ্ভিচ আউটলেটৰ পৰা ক্ৰয় কৰা উক্ত বাহনখনত ১ বছ বাৰেন্টি গ্রাহকে লাভ কৰিব। চলিত বিত্তীয় বৰ্ষত অসমৰ সামগ্ৰী কঢ়িওৱা বাহন শাখাত কোম্পানীয়ে ২৫-৩০ শতাংশ বজাৰ শ্বেয়াৰ লাভ কৰিব বুলি খুবেই আশাবাদী। আনহাতে বাহনখনৰ মুকলি অনুষ্ঠানত কুমাৰ ইঞ্জিনীয়াৰিঙৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱৰ লগতে মুখত কাৰ্যবাহী বিষয়া ’ অশোক ভট্টাচার্য উপস্থিত থাকে।

P&C
You might also like