Your Voice, Our Strength

সু:খবৰ! হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে “ভেক্টৰ একাডেমী” য়ে দিছে বাম্পাৰ অফাৰ

আজিৰ খবৰ, গুৱাহাটী, ৭ জুন, ২০২২ : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে গুৱাহাটীৰ লতাশিলস্থিত ভেক্টৰ একাডেমীয়ে বহু উদগণিমূলক ছাত্ৰ-বৃত্তিৰ প্ৰচেষ্টা হাতত লৈছে । JEE/NEET ৰ বাবে নিৰ্ভৰযোগ্য শিক্ষা প্ৰতিষ্ঠান, ভেক্টৰ একাডেমীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ তথা অসমৰ ভিতৰত শীৰ্ষ স্থান দখল কৰা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক শাখাত নামভৰ্ত্তি কৰালে ১০০% ছাত্ৰবৃত্তিৰ লগতে সম্পূৰ্ণ বিনামূলীয়া হোষ্টেলৰ ব্যাৱস্থা কৰা হৈছে ।

তদুপৰি ভেক্টৰ একাডেমীয়ে ঘোষণা কৰিছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫% বা তাতোধিক নম্বৰ পোৱা শিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ বিদ্যালয় সমন্বিত পাঠ্যক্ৰম (School Integrated Program) ত অন্তৰ্ভূক্ত কৰিব পাৰিব ।

P&C

এই উপলক্ষে, ভেক্টৰ একাডেমীৰ Director of Growth, মুখলেছৰ ৰেহমানে কয় যে, “দেশৰ আগশাৰীৰ উজ্জ্বল আৰু দক্ষলোকৰ উদ্যোগত সামগ্ৰিক শিক্ষাৰ পৰিবেশ উন্নত কৰাৰ লক্ষৰে ভেক্টৰ একাডেমীয়ে এইসমূহ চেষ্টা হাতত লৈছে । আশাকৰো এই বৃত্তি জৰিয়তে শিক্ষাৰ্থীসকলে মাচুলৰ পৰা আদি কৰি লাগতিয়াল কিতাপ-পত্ৰ আদি পাবলৈ সক্ষম হ’ব ।“

তেওঁ আৰু জনায় যে, “১১ জুন তাৰিখৰ ভিতৰত যিসকল শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব, তেওঁলোকক ২৫% শতাংশ ৰেহাই দিয়া হ’ব ।“

শিক্ষাৰ্থীৰ বাবে এক অনুকুল পৰিবেশ প্ৰদান কৰাৰ বাবে ভেক্টৰ একেডেমীয়ে এক সূস্থ পৰিবেশ গঢ়ি তুলিব সক্ষম হৈছে ।

প্ৰতিখন বিদ্যালয়ৰ TOP 3 শিক্ষাৰ্থীয়ে বিনামূলীয়া বিদ্যালয় সমম্বিত পাঠ্যক্ৰম (School Integrated Program) ৰ বাবে আবেদন কৰিব পাৰিব ।

ভেক্টৰ একাডেমীয়ে ৭০% ৰ অধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ১০০০ টকাকৈ ২৪ মাহৰ বাবে ছাত্ৰবৃত্তিৰ অনুদান ঘোষনা কৰিছে । এই বৃত্তিৰ বাবে আবেদন কৰিবলৈ শিক্ষাৰ্থী সকলে http://www.vectorsacademy.org/need অথবা www.needf.in ৱেবছাইটত সকলো তথ্য সংগ্ৰহ কৰিব পাৰিব ।

ইচ্ছুক শিক্ষাৰ্থীয়ে প্ৰাপ্ত নম্বৰ সমূহ ৱেবছাইটত ভৰ্ত্তি কৰি এই সুবিধা লাভ কৰিব পাৰিব ।

You might also like