Your Voice, Our Strength

শিক্ষকসকলে মৰ্যাদা বান্ধি ল’লেহে সন্মান পাব : শিক্ষকসকলে এল আই চি এজেণ্ট কৰিবনে শিক্ষকতা কৰিব?

শিক্ষকসকলে ধৰ্ণা দিলে দেওবাৰে দিয়ক, স্কুল খোলা দিনত কিয় দিয়ে?

🟦হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰকাৰী বিদ্যালয়ৰ অতি নিম্নমানৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে। ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি নিম্নমানৰ ফলাফল পদৰ্শন কৰা ৰাজ্যৰ শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক তথা মুৰব্বীক অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ে কৈফিয়ৎ তলব কৰিছে।

 

🟦শূন্য উত্তীৰ্ণ আৰু ১০ শতাংশতকৈ কম উত্তীৰ্ণ বিদ্যালয়ৰ মুৰব্বীৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা লোৱা নহ’ব সেই সন্দৰ্ভত ৭ দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে। কিন্তু চৰকাৰী বিদ্যালয়ৰ বেয়া ফলাফলক লৈ এইবাৰ মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 

P&C

🟦শিক্ষকসকলে মৰ্যাদা বান্ধি ল’লেহে সন্মান পাব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় মে’,”শিক্ষকসকলে এল আই চি এজেণ্ট কৰিবনে শিক্ষকতা কৰিব, সিদ্ধান্ত তেওঁলোকে লওক।নহলে ফলাফল কেনেকৈ ভাল হ’ব?

 

🟦শিক্ষকসকলে ধৰ্ণা দিলে দেওবাৰে দিয়ক, স্কুল খোলা দিনত কিয় দিয়ে? শিক্ষকে ধৰ্ণা দিয়াত মোক আপত্তি নাই, কিন্তু বন্ধ দিনত দিয়ক। নিউজ একেই হ’ব, ল’ৰা–ছোৱালী খিনিয়েতো পঢ়িব।”

 

🟦মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে,”দুটা বছৰ শিক্ষকৰ মাজত সাংবাদিক নোসোমালে এশ শতাংশ ছাত্ৰ–ছাত্ৰী পাছ কৰিব।শিক্ষকৰ বিৰুদ্ধে কঠোৰ হ’ব বিচাৰিলে সাংবাদিকে মাজত সোমাই দিয়ে।চৰকাৰে মৰম স্নেহ কৰিলে দুবছৰৰ ভিতৰত পৰিৱৰ্তন হ’ব।

 

🟦মই আৰম্ভ কৰিছিলো শিক্ষামন্ত্ৰী থাকোতেই। প্রধান শিক্ষকক মাতি মদ খোৱা জনক ৰজহুৱাকৈ কয় দিছিলো কিন্তু, আপোনালোকে মাজত সোমাই গ’ল। আপোলোকে মাজত সোমোৱাৰ বাবে মই বাদ দি দিলো।

 

🟦শিক্ষকৰ ক্ষেত্ৰত আমি কঠোৰ হ’লে আপোনালোকেই আমাক সমালোচনা কৰে।টকা শ্ব’ পাতে আৰু শিক্ষকসকল আন্দোলনত নামে। আমাক মাত্ৰ দুটা বছৰ দিয়ক।তাৰ পাছত দেখিব ১০০ শতাংশই ভাল ৰিজাল্ট হৈছে।”

You might also like