Your Voice, Our Strength

ভাৰতৰ দূৰৱৰ্তী কোণলৈ সম্প্ৰসাৰিত এয়াৰটেল এক্সষ্ট্ৰীম ফাইবাৰৰ এফটিটিএইচ নেটৱৰ্ক

লাডাখ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত হাই স্পীড ব্ৰডবেণ্ড সেৱা আৰম্ভ : দূৰৱৰ্তী অঞ্চলবোৰত গ্ৰাহকক ৱৰ্ল্ড ক্লাছ ডিজিটেল অভিজ্ঞতা প্ৰদান কৰা এইটো প্ৰথম ব্যক্তিগত হাই স্পীড ব্ৰডবেণ্ড অপাৰেটৰ : ২০২৫ চনৰ ভিতৰত এয়াৰটেল এক্সষ্ট্ৰীম ফাইবাৰে ২০০০খন চহৰলৈ তেওঁলোকৰ স্থিতি শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে আৰু তেওঁলোকে ভাৰতত ডিজিটেল ইক'চিষ্টেম গঢ়ি গৃহ সংযোগৰ ক্ষমতা ১৫০% বৃদ্ধিৰে ৪০ নিযুত কৰাৰ লক্ষ্য ৰাখিছে  

 

আজিৰ খবৰ, গুৱাহাটী, ১৭ জুন, ২০২২: ভাৰতৰ মুখ্য যোগাযোগ সমাধান প্ৰদানকাৰী ভাৰতী এয়াৰটেল (এয়াৰটেল)-এ আজি লাডাখ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত এয়াৰটেল এক্সষ্ট্ৰীম ফাইবাৰৰ ফাইবাৰ-টু-দ্য-হোম (এফটিটিএইচ) ব্ৰডবেণ্ড সেৱা মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ সৈতে এয়াৰটেল হৈ পৰিছে প্ৰথম ব্যক্তিগত আইএছপি, যিয়ে

P&C

দূৰৱৰ্তী অঞ্চলবোৰৰ গ্ৰাহকক এফটিটিএইচ ব্ৰডবেণ্ডৰ ডাটা চুপাৰহাইৱেৰ সৈতে হাই স্পীড সংযোগৰ ডিজিটেল প্ৰৱেশাধিকাৰ (access) প্ৰদান কৰিছে।

 

এই সন্দৰ্ভত ভাৰত চৰকাৰৰ টেলিকম বিভাগৰ সচিব কে ৰাজাৰমণ (K. Rajaraman) কয়; “লাডাখ আৰু আন্দামান আৰু নিকোবৰত এফটিটিএইচ সেৱা আৰম্ভ কৰাৰ বাবে আমি এয়াৰটেলক অভিনন্দন জনাইছো। দেশৰ প্ৰধানমন্ত্ৰীয়ে বিগত বৰ্ষত ডিজিটেল ইণ্ডিয়াৰ আধাৰ হিচাপে লৈ চেন্নাই আৰু পোৰ্ট ব্লেয়াৰৰ মাজত হাই স্পীড ডাটা সংযোগ অনাৰ বাবে

সাগৰৰ তলৰে কেবল সংযোগৰ শুভাৰম্ভ কৰিছিল। অঞ্চলটোৰ নাগৰিকসকলক হাই স্পীড ব্ৰডবেণ্ডৰ সুবিধা দিবলৈ এয়াৰটেলৰ দৰে ব্যক্তিগত অপাৰেটৰৰ পদক্ষেপটো উৎসাহজনক।”

 

আনহাতে, এই সন্দৰ্ভত ভাৰতী এয়াৰটেলৰ ব্ৰডবেণ্ড ব্যৱসায়ৰ মুখ্য কাৰ্যবাহী বিষয়া বীৰ ইন্দৰ নাথে (Vir Inder Nath) কয়; ” এই অঞ্চলবোৰলৈ এয়াৰটেল এক্সষ্ট্ৰীমৰ উচ্চ মানদণ্ডৰ ব্ৰডবেণ্ড সেৱা আগবঢ়াই আমি আনন্দিত। মহামাৰীৰ পিছৰ হাই স্পীড ব্ৰডবেণ্ডৰ চাহিদা বৃদ্ধি পাইছে, বিশেষকৈ ঘৰতে বহি কাম কৰাৰ বাবে, অনলাইন শিক্ষণৰ লগতে অনলাইন মনোৰঞ্জনৰ। এয়াৰটেলে এই গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অধিক বিনিয়োগ কৰি আছে আৰু আগন্তুক তিনি বছৰত সমগ্ৰ দেশৰ ২০০০খন চহৰলৈ এফটিটিএইচ উপস্থিতি আগবঢ়ালৈ সাজু হৈছে।”

 

এয়াৰটেল এক্সষ্ট্ৰীম ফাইবাৰৰ হাই স্পীড ব্ৰডবেণ্ড বৰ্তমান লাডাখৰ লেহ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পোৰ্ট ব্লেয়াৰ গ্ৰাহকসকলৰ বাবে উপলব্ধ। কোম্পানীটোৱে

আগন্তুক মাহবোৰত অঞ্চলসমূহ অন্যান্য মুখ্য স্থানলৈ সেৱাটো সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে।

 

এয়াৰটেল এক্সষ্ট্ৰীম ফাইবাৰ এটা উৎকৃষ্ট অভিজ্ঞতাৰ বাবে এডভান্স প্ৰযুক্তিৰে ভৰপূৰ। ইয়াৰ নেক্সট-জেনেৰ ৱাই-ফাই ৰাউটাৰবোৰে সমতুল্য (symmetrical) ডাউনলোড আৰু আপলোড গতি প্ৰদান কৰে আৰু একেলগে ৬০ টা লৈকে ডিভাইচ সংযোগ কৰিব পাৰে। ইয়াক এয়াৰটেলৰ উৎকৃষ্ট ২৪×৭ গ্ৰাহক সমৰ্থন আৰু প্ৰমাণিত নেটৱৰ্ক নিৰ্ভৰযোগ্যতাৰ দ্বাৰা সমৰ্থন কৰা হৈছে। এয়াৰটেল এক্সষ্ট্ৰিম ৩১ মাৰ্চ, ২০২২ তাৰিখলৈকে ফাইবাৰত ৪.৮ নিযুতৰো অধিক গ্ৰাহক আছিল।

 

এয়াৰটেল এক্সষ্ট্ৰীম ফাইবাৰ সমগ্ৰ ভাৰতৰ ৮৪৭ খন চহৰ আৰু নগৰত উপলব্ধ আৰু ইয়াৰ লক্ষ্য হৈছে ২০২৫ চনৰ ভিতৰত ২০০০খন চহৰলৈ ভেটি সম্প্ৰসাৰণ কৰা। কোম্পানীটোৱে লক্ষ্য ৰাখিছে ১৫০শতাংশ বৃদ্ধিৰে ৪০ নিযুত গৃহ ব্ৰডবেণ্ড স্থাপন কৰা।

 

হাই স্পীড ডাটা আৰু আনলিমিটেড লোকেল/এছটিডি কলৰ উপৰিও, এয়াৰটেল এক্সষ্ট্ৰীম ফাইবাৰ ব্ৰডবেণ্ড আঁচনি এয়াৰটেল থ্যাংকছ বেনিফিটৰ এক পৰিসৰৰ সৈতে সংযোগ কৰা হৈছে, যাৰ ভিতৰত আছে প্ৰিমীয়াম সদস্যতাৰে অ’টিটি প্লেটফৰ্মৰ ডিজিটেল মনোৰঞ্জনৰ সুবিধা।

You might also like