Your Voice, Our Strength

সূর্য্য চিমেন্টে মুকলি কৰিলে নতুন কৰ্পোৰেট চং “সূর্য্য উঠা দেশত সূর্য্য ভৰষা”

আজিৰ খবৰ, গুৱাহাটী, ২৬ জুন, ২০২২ :গৃহ নিৰ্মাণ সামগ্রীৰ ক্ষেত্রত উত্তৰ পূর্বাঞ্চলৰ ভিতৰতে অগ্রণী আৰু বিশেষ ভাবে সফল সূর্য্য চিমেন্টে আজি মুকলি কৰে তেওঁলোকৰ নতুন কৰ্পোৰেট চং”সূর্য্য উঠা দেশত সূর্য্য ভৰষা “।এই নৱ সংযোজিত কৰ্পোৰেট চং মুকলি অনুষ্ঠানটোত অংশগ্রহণ কৰে সূর্য্য চিমেন্টৰ বেণ্ড এম্বেচেডৰ,জনপ্রিয় সংগীতশিল্পী, অসমৰ নৱ প্ৰজন্মৰ হিয়াৰ আমঠু শ্রীজুবিন গাৰ্গ, প্ৰখ্যাত ফেচন ডিজাইনাৰ তথা প্ৰয়োজক শ্ৰীমতী গৰিমা শইকীয়া গাৰ্গ আৰু পূৰ্বাঞ্চল চিমেন্টৰ মেনেজিং ডাইৰেক্টৰ শ্রীমধুৰ আগৰৱালাৰ লগতে কোম্পানিটোৰ বিভাগীয় বিষয়ববীয়া আৰু ব্যবসায়িক সাংগোপাংগসহ ভিয়েটনামৰ ৰাজধানী হানয় চহৰত।

 

 

নব্য সংযোজিত এই বিশেষ কৰ্পোৰেট চংটোত কন্ঠ নিগৰাইছে সূর্য্য চিমেন্টৰ বেণ্ড এম্বেচেডৰ শ্রীজুবিন গাৰ্গে।চিমেন্ট কৰ্তৃপক্ষই সংগীতটোৰ জৰিয়তে গ্ৰাহকসকলৰ লগত এক সু-সম্পৰ্ক গঢ়ি তোলাৰ লগতে সংপৃক্ত কৰিছে তেওঁলোকৰ লক্ষ,উদ্দেশ্য আৰু সংস্কৃতিৰ প্ৰতি সৃষ্টিশীলতা।কিয়নো বিশ্বত্ৰাস কৰোনা মহামাৰীয়ে ইতিপূর্বেই গ্ৰাহক সকলৰ লগত কোম্পানিটোৰ সংযোগ কিছু পৰিমাণে বিচ্ছিন্ন কৰি থৈ গৈছে।

 

 

P&C

“সূর্য্য উঠা দেশত সূর্য্য ভৰষা” শীর্ষক কৰ্পোৰেট চংটোৱে ব্যবসায়ীক প্ৰতিষ্ঠানটোৰ উৰ্ধমুখী ৰেখাচিত্ৰক প্ৰকাশ কৰিছে। তাৰোপৰি পূর্বতকৈয়ো উন্নতমানৰ গৃহনির্মাণ সামগ্রীৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে।অটুট অসম,ৰ জৰিয়তে চিমেন্ট কোম্পানীটোয়ে সমাজৰ বাবে দাঙি ধৰিছে গভীৰ আস্থা।

 

 

নব্য সংযোজন এই কৰ্পোৰেট চংটো মুকলি কৰি শ্ৰীজুবিন গাৰ্গে কয়:-“সূৰ্য্য উঠা দেশত সূর্য্য ভৰষা” শীর্ষক গীতটোৰে সূর্য্য চিমেন্টৰ লগত একাত্ম হৈ গৌৰববোধ কৰিছো।কোম্পানীটোৱে বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ অসমবাসীৰ মাজত যেন অনৈক্যৰ মাজত ঐক্যতাৰ সৃষ্টি কৰিছে।”

 

 

এই বিষয়ত পূৰ্বাঞ্চল চিমেন্টৰ মেনেজিং ডাইৰেক্টৰ শ্ৰীমধুৰ আগৰৱালাই কয় যে, নৱ সংযোজিত “সূর্য্য উঠা দেশত সূর্য্য ভৰষা”শীর্ষক গীতটোৱে আমাৰ ভবিষ্যৎ লক্ষ্যৰ ইংগিত বহন কৰাৰ লগতে কোম্পানীৰ মূল্যবোধক প্ৰতিফলিত কৰিছে।ইয়াৰোপৰি পৰিবৰ্তনৰ এই জটিল সময়চোৱাত আমিয়েই যে সৰ্বোচ্চ তাকো প্ৰতীয়মান কৰিছে।

 

অসমৰ জনজীবনত গৃহ নির্মাণৰ উন্নয়নৰ গতি ক্ৰমে উৰ্ধগামী কৰি তোলাৰ লগতে গ্ৰাহকৰ পৰা লাভ কৰা সুগভীৰ বিশ্বাস আৰু সমৰ্থনকে মূলধন হিচাপে লৈ চিমেন্ট কোম্পানীটোৱে সৰ্বজনগ্ৰাহ্যতা অৰ্জন কৰিছে।কাৰিকৰী ভাৱেও অগ্রনী বাবেই বিখ্যাত সূর্য্য চিমেন্ট। নামেই যাৰ পৰিচয়।

You might also like