Your Voice, Our Strength

ভাৰতীয় মহিলা পশু চিকিৎসক সংস্থাৰ উদ্যোগত হস্তী স্বাস্থ্য পৰীক্ষা শিবিৰ

আজিৰ খবৰ, গুৱাহাটী , ২৫ আগষ্ট, ২০২২ : ভাৰতীয় মহিলা পশু চিকিৎসক সংস্থা চমুকৈ আই এ ডব্লিউ ভিৰ অসম শাখাৰ উদ্যোগত আৰু ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ডৰ ( ডব্লিউ ডব্লিউ এফ ) সহযোগত ২১ আগষ্টত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এটি ‘ সম্প্ৰসাৰণ শিবিৰ ‘ তথা ‘হস্তী স্বাস্থ্য শিবিৰ’ অনুষ্ঠিত হৈ যায়। আই এ ডব্লিউ ভিৰ প্ৰায় ২৫ গৰাকী সদস্যাই অংশগ্ৰহণ কৰা শিবিৰত ৪২ তা সৰু বৰ হাতীক ফল মূল খুওৱাৰ উপৰিও পেলুৰ ঔষধ, ভিটামিন আৰু অন্যান্য প্রয়োজনীয় ঔষধ প্রদান কৰা হয়। স্বাস্থ্য শিবিৰৰ লগত সংগতি ৰাখি অনুষ্ঠিত এখন সজাগতা সভাত হাতী চিকিৎসা আৰু নিয়ন্ত্ৰণ আদিত সন্মুখীন হোৱা বিভিন্ন অভিজ্ঞতাৰ বিষয়ে বক্তব্য ৰাখে ভাৰত গৌৰৱ পদ্মশ্ৰী ডক্টৰ কুশল কোঁৱৰ শৰ্মাই ৷ তদুপৰি মঙ্গলদৈ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী প্ৰদিপ্ত বৰুৱাই ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু হাতীৰ উপৰত এক বক্তৃতা প্ৰদান কৰে৷ I আনহাতে আই এ ডব্লিউ ভিৰ হৈ বক্তব্য ৰাখে ডাক্তৰ ৰূপজ্যোতি ওজাই । ইয়াৰ উপৰিও ডব্লিউ ডব্লিউ এফৰ বিভিন্ন বিষয় ববীয়া উপস্থিত থকা উক্ত সভা খনিত মাউত সকলৰ বাবে সহায়ক হোৱাকৈ চার্জি প্ৰদান কৰা হয় ।

You might also like