কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা প্ৰতিষ্ঠানত দক্ষতা বিকাশ কেন্দ্র উদ্বোধন
আজিৰ খবৰ, গুৱাহাটী , ১০ ছেপ্টেম্বৰ, ২০২২ : অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত উদ্যান শস্য গৱেষণা প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ অংশ হিচাপে প্ৰতিষ্ঠানখনৰ চৌহদত ৰাজ্যৰ ভিতৰতে কৃষি খণ্ডত প্ৰথম বাৰৰ বাবে এটা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা হৈছে । আজি এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত উদ্যান শস্য বিষয়ক দক্ষতা বিকাশ কেন্দ্ৰটো উদ্ধোধন কৰে অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী অতুল বৰাই । উদ্যান শস্য খণ্ডত দক্ষ মানৱ সম্পদ সৃষ্টিৰ জৰিয়তে উদ্যোগমুখীতা আৰু নিযুক্তি সৃষ্টি ত্বৰান্বিত কৰাৰ লক্ষ্য লৈ স্থাপন কৰা কেন্দ্ৰটো অসমৰ উপৰি উত্তৰ পূবৰ ভিতৰতে প্ৰথমটো কেন্দ্ৰ বুলি পৰিগণিত হৈছে । আনহাতে কেন্দ্ৰীয় খণ্ডৰ আঁচনি ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ বিত্তীয় সমৰ্থনত নিৰ্মাণ কৰা উদ্যান শস্য দক্ষতা বিকাশ কেন্দ্ৰটোত প্ৰশিক্ষাৰ্থী সকলৰ বাবে আবাসিক সুবিধা, আধুনিক দৃশ্য-শ্রাব্য সঁজুলি সহ স্মার্ট প্রশিক্ষণ হল তথা অভিজ্ঞতামূলক শিক্ষণ পদ্ধতিৰে পৰিপুষ্ট এক স্বয়ংসম্পূর্ণ কম্প্লেক্স হিচাপে বিকশিত কৰা হৈছে। উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ সোতৰ গৰাকী কৃষি বিজ্ঞানীৰ এটা দলে এই কেন্দ্ৰটোত প্রশিক্ষক হিচাপে সেৱা আগবঢ়াব।
আনহাতে প্ৰতিষ্ঠানখনৰ মুখ্য বিজ্ঞানী ডঃ যোগেশ চন্দ্ৰ নাথৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে বিজ্ঞানী ৰিংকুমণি ফুকনে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ কৃষি মন্ত্ৰী অতুল বৰাই কয় উদ্যান শস্য ক্ষেত্ৰখনৰ বিকাশৰ বাবে দক্ষতা বিকাশ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান আৰু এই খণ্ডটোৰ বাণিজ্যিকীকৰণৰ মূল চাবিকাঠি। ৰাজ্যখনত বাণিজ্যিক উদ্যানশস্যৰ সকলো দিশ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম তথা দক্ষ মানৱ সম্পদৰ বিকাশ হৈছে অতিকৈ প্ৰয়োজনীয় । এই দক্ষতা বিকাশ কেন্দ্রই উক্ত প্রয়োজনীয়তা পূৰণত যথেষ্ট বৰঙনি আগবঢ়াব বুলি মন্ত্ৰী অতুল বৰাই ব্যক্ত কৰে । অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ভাগ লৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই কয় বাণিজ্যিক আৰু বিশেষত্ব উদ্যানশস্য হৈছে দক্ষতা কেন্দ্ৰিক আৰু প্ৰয়োজনীয়তা আধাৰিত তথা সুশৃংখল দক্ষতা বিকাশৰ প্ৰচেষ্টাৰ অবিহনে ব্যৱসায়িক উদ্যোগ হিচাপে উদ্যানশস্যৰ পৰা আৰ্থিক লাভালাভ আশা কৰাটো অসম্ভৱ হব।অনুষ্ঠানত ৰাজ্যৰ এজন বিশিষ্ট কৃষি বিজ্ঞানী আৰু অসম কৃষি আয়োগৰ সদস্য ডঃ নলীন মোহনে বিশিষ্ট অতিথি হিচাপে ভাগ লৈ কয় দক্ষতা বিকাশ কেন্দ্ৰটোৱে উদ্যান শস্যৰ খেতিৰ লগত জড়িত কৃষক সকলক তেওঁলোকৰ প্ৰয়োজনীয় দক্ষতা বিকাশ কৰি এচাম কৃষি উদ্যোগী সৃষ্টি কৰাত সহায়ক হব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত উদ্যান শস্য গৱেষণা কেন্দ্ৰ কাঁহিকুছিৰ সোণালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি কেন্দ্ৰটোৰ দ্বাৰা উদ্ভাৱিত তথা নগৰীয়া উদ্যানশস্য আৰু কণ্টেইনাৰ বাগিচাৰ বাবে উপযুক্ত এক পটিং মিশ্রণ প্ৰস্তুতকৰণো বাণিজ্যিক ভাবে মুকলি কৰে কৃষি মন্ত্ৰী অতুল বৰাই।
ইয়াৰ উপৰি “ আমাৰ গাঁও আমাৰ গৌৰৱ ” আৰু “আদর্শ পুষ্প গাঁও” আঁচনিৰ অধীনত কৃষক হিতাধিকাৰী সকলৰ মাজত কৃষি ৰোপণ সামগ্ৰী তথা কৃষি সঁজুলি বিতৰণ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ মুৰব্বী ডঃ ধীৰেন্দ্ৰ নাথ কলিতাকে ধৰি কেবাজনো কৃষি বিজ্ঞানী , কামৰূপ , কামৰূপ মহানগৰ , বাগছাকে ধৰি কেবাখনো জিলাৰ উদ্যান শস্যৰ খেতিৰ লগত জড়িত প্ৰায় ১০০ জন কৃষক উপস্থিত থাকে ।