Your Voice, Our Strength

জুবিন গাৰ্গ – অভিনেত্ৰী নিশিতা গোস্বামীয়ে গুৱাহাটীত শুভাৰম্ভ কৰে উত্তৰ-পূৱৰ প্ৰথমখন অত্যাধুনিক স্মাৰ্ট ফাৰ্নিচাৰ প্ৰতিষ্ঠান

ভিআইপি ৰোডত ডিজাইন চেন্সৰ সহযোগত স্পেছ মেক্সৰ প্ৰথমখন বিপনি মুকলি

আজিৰ খবৰ,গুৱাহাটী, ১৬ অক্টোবৰ: মহানগৰীত থকা বাসিন্দা সকলৰ বাবে ভাল খৱৰ । বিশেষকৈ ঘৰৰ কম পৰিসৰ থকা পৰিয়াললৈ স্পেছ মেক্স আৰু গুৱাহাটীৰ ডিজাইন চেন্সে লৈ আহিছে ভাল খবৰ । প্ৰথমবাৰলৈ উত্তৰ পূবত প্ৰৱেশ ঘটিল স্মাৰ্ট ফাৰ্নিচাৰ প্ৰতিষ্ঠান স্পেছ মেক্সৰ। পুনেস্থিত আগশাৰীৰ ফাৰ্নিচাৰ প্ৰতিষ্ঠান স্পেছ মেক্সে ডিজাইন চেন্সৰ সহযোগত উত্তৰ পূবত প্ৰৱেশ ঘটি আজি মেগজিন ভিআইপি ৰোডত প্ৰথমখন বিপনি মুকলি কৰে। ডিজাইন চেন্স বিপনিখনত অন্যান্য ফাৰ্নিচাৰ উপলব্ধ হোৱাৰ লগতে স্পেছ মেক্সৰ অত্যাধুনিক ফাৰ্নিচাৰ উপলব্ধ হ’ব। এই বিপনিখন অনুষ্ঠানিকভাৱে মুকলি কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু অভিনেত্ৰী নিশিতা গোস্বামীয়ে। বিপনিখন মুকলি কৰি জুবিন গাৰ্গে কয়-স্পেছ মেক্সে গুৱাহাটীত তেওঁলোকৰ প্ৰথমখন বিপনি মুকলি কৰাক লৈ ধন্যবাদ জনাইছোঁ। আনহাতে, নিশিতা গোস্বামীয়ে কয়- সুন্দৰ বিপনি মুকলি কৰক লৈ স্পেছ মেক্সক ধন্যবাদ জনাইছোঁ। তেওঁৰ ফাৰ্নিচাৰৰ ডিজাইন অতি উচ্চ মানদণ্ডৰ। ঘৰৰ কম পৰিসৰতো তেওঁৰ ফাৰ্নিচাৰ সাঙোৰ খাই পৰে। ৰাইজে স্পেছ মেক্সক আদৰি লওক তাৰে কামনা কৰিছোঁ। স্পেছ মেক্সৰ সঞ্চালক হিমাংশু গোয়েল কয়- গুৱাহাটীত ডিজাইন চেন্সৰ সহযোগত স্পেছ মেক্সৰ প্ৰৱেশ ঘটিল। ডিজাইন চেন্সৰ বিপনিত স্পেছ মেক্সৰ স্মাৰ্ট ফাৰ্নিচাৰ লাভ কৰিব গ্ৰাহকে। বহু উচ্চ মানদণ্ডৰ ফাৰ্নিচাৰ উপলব্ধ হ’ব, যি ফাৰ্নিচাৰ ঘৰৰ কম পৰিসৰতো সাঙোৰ খাই পৰে। আনহাতে,ডিজাইন চেন্সৰ প্ৰমুখ জাফৰ উল্লাহে কয় যে প্ৰতিষ্ঠানখনত বিভিন্ন ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰ লাভ কৰিব গ্ৰাহকে। সাধাৰণ শ্ৰেণীৰ উচ্চ শ্ৰেণীৰ লোকে ক্ৰয় কৰিব পৰা ফাৰ্নিচাৰ আমাৰ বিপনিত উপলব্ধ হ’ব।

You might also like