Your Voice, Our Strength

আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বহু ভাষিক চুটি ছবি “ছৰি” ৰ অফিচিয়েল ষ্ট্ৰীমিং ৰ অধিকাৰ লাভ চিএনডি প্লে’ৰ

আজিৰ খবৰ,গুৱাহাটী, ২১ জানুৱাৰী, ২০২৩: আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বহু ভাষিক চুটি ছবি “ছৰি” বৰ্তমান অটিটি প্লেটফৰ্ম চিএনডি প্লে’ত উপলব্ধ হৈছে। ৰবি শৰ্মা আৰু বৰষা ৰাণী বিষয়া অভিনীত, ন-লেখক জ্যোৎসা নেওগ আৰু মিৰ্জা আৰিফ হাজৰিকা পৰিচালিত “ছৰি” চুটি ছবিখনে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান ছবিখন অফিচিয়েল ষ্ট্ৰীমিং ৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হোৱা অটিটি প্লেটফৰ্ম চিএনডি প্লে’ত উপলব্ধ হৈছে।

চিএনডি প্লে’ ত বৰ্তমান কলংপাৰ, ক্ৰিটিকেল কাপল, গুডবাই এন্থনী, চুটি ছবি চক্ৰবেহু, নিমিলা অংক ২, ৰাইপ মেংগোচ আদি চিৰিজ সমূহ উপলব্ধ আছে আৰু আহিবলগীয়া দিনসমূহত আৰু অধিক ছবি উপলব্ধ হ’ব। চিএনডি প্লে’ এক ডিজিটেল থিয়েটাৰ য’ত চিনেমা প্ৰেমীসকলে সমগ্ৰ প্লেটফৰ্মৰ বাবদ কোনো বৰঙণি নিদিয়াকৈ, নিজৰ পছন্দৰ ছবিখনৰ বাবদ বৰঙণি আগবঢ়াই ছবিখন উপভোগ কৰিব পাৰে।

P&C

প্লেটফৰ্ম খনৰ প্ৰতিস্থাপক ৰোহিত শৰ্মাই এই উপলক্ষে মন্তব্য আগবঢ়াই কয়,” ‘ছৰি’ ৰ অফিচিয়েল ষ্ট্ৰীমিং ৰ অধিকাৰ লাভ কৰি আমি নথৈ আনন্দিত হৈছো। ছবিখনৰ কাহিনী খুবেই বাস্তৱধৰ্মী আৰু সকলোৱে নিজৰ দৈনন্দিন জীৱনৰ লগত ৰিজাব পাৰিব, মই নিশ্চিত যে আমাৰ প্লেটফৰ্ম ত ৰাইজে ছবিখন উপভোগ কৰি খুউব ভাল পাব।”
“চিএনডি প্লে’ ৰ শুভাৰম্ভ হৈছিল স্থানীয় প্ৰতিভাৰ বিকাশ ঘটোৱাৰ আৰু তেওঁলোকৰ সৃষ্টিশীলতাক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে। সহযোগিতাৰে এই প্লেটফৰ্মক এক অনন্য দিশলৈ লৈ যাবলৈ আমি ছবি নিৰ্মাতাসকলকো আমাৰ প্লেটফৰ্মত আমন্ত্ৰণ জনাইছোঁ।” তেওঁ লগতে উল্লেখ কৰে।

ৰোহিত শৰ্মাই এই অনুষ্ঠানত তেওঁৰ পৰিয়াল বৰ্গৰ লগতে নিশান্ত শৰ্মা, প্ৰতীক মংগল, ৰাজেশ নাশা, অতুল যোশী আৰু অন্যান্য শুভাকাংক্ষীসকলকো এই প্লেটফৰ্ম নিৰ্মাণৰ সমগ্ৰ যাত্ৰাটিত সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায়।
চিএনডি প্লেয়ে অতি শীঘ্ৰে লৈ আহিব পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ ব্লেক এণ্ড হোৱাইট যি চিনেমাহ’লত অহা ২৪ ফেব্ৰুৱাৰী ২০২৩ মুকলি হ’ব। ব্লেক এণ্ড হোৱাইট এ ইতিমধ্যে চিনেমাখনৰ তিনিটা গীত মুকলি কৰিছে আৰু অতি শীঘ্ৰে ইয়াৰ ট্ৰেইলাৰো মুকলি হ’ব।

তেওঁ লগতে উল্লেখ কৰে যে টিকেট ক্ৰয় বা সক্ৰিয় কৰাৰ বাবে যদি কোনো অসুবিধাৰ সন্মুখীন হয়, তেন্তে চিএনডি প্লে’ত উপযুক্ত ইন-এপ চাপোৰ্ট চিষ্টেম উপলব্ধ, যাতে সকলোৱে নিজে ক্ৰয় কৰা অনুসৰি বিনোদন উপভোগ কৰিব পাৰে।

 

You might also like