Your Voice, Our Strength

৩১ডিচেম্বৰৰ ভিতৰত যান-বাহনৰ নথি-পত্ৰ নৱীকৰণৰ আহ্বান পৰিবহণ বিভাগৰ

ন'হলে ভৰিব লাগিব অতিৰিক্ত জৰিমনা

আজিৰ খবৰ,গুৱাহাটী: ২৮ ডিচেম্বৰ: ৩১ডিচেম্বৰলৈ মাজত মাথোঁ আৰু তিনিটা দিন বাকী ৷ এয়া পুৰণিক বিদায় আৰু নতুনক আদৰাৰ আনন্দ উপভোগৰ সময় ৷ কিন্তু এনে সময়তো কামৰূপ মহানগৰ জিলাত বৃহৎসংখ্যক যান-বাহনৰ গৰাকীয়ে যান-বাহনৰ যাৱতীয় কৰ পৰিশোধ নকৰাৰ লগতে বাহনৰ নথিপত্ৰসমূহ নৱীকৰণ নকৰাকৈ থাকি চূড়ান্ত অবৈধ আৰু অসুৰক্ষিতভাৱে ৰাজপথত চলাচল কৰি নিজৰ লগতে আনলৈকো ভয়ংকৰ ভৱিষ্যতৰ আগজাননী মাতি আনিবলৈ ধৰিছে ।
এনেক্ষেত্ৰত এই বিষয়টোক অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে যান-বাহনৰ যাৱতীয় কৰ-কাটল আদায় দি বাহনৰ নথিপত্ৰসমূহ সকলো সময়তে বৈধ কৰি ৰাখিহে পথত সুৰক্ষিতভাৱে চলাচল কৰাৰ ক্ষেত্ৰত যান-বাহনৰ গৰাকীৰ পূৰ্ণ সহযোগিতা আহ্বান কৰিছে । সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে কয় যে, বাহন এখন ক্ৰয় কৰোতে পঞ্জীয়নভুক্ত হোৱাৰ পিছত সময়মতে যান-বাহনৰ কৰকাটল পৰিশোধ কৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব আৰু কতৰ্ব্য। একেদৰে যাৱতীয় নথিপত্ৰসমূহ নৱীকৰণ কৰি বাহনসমূহ বৈধ কৰি ৰাখিলেহে ৰাজপথত সকলোৰে বাবে সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰখা সম্ভৱ। কিয়নো নথি-পত্ৰসমূহ নৱীকৰণ কৰি ৰাখিলেহে বিপদৰ সময়ত বীমা কোম্পানীৰ পৰা বাহনৰ লগতে ব্যক্তিৰ ক্ষয়-ক্ষতিৰ প্ৰাপ্য আশা কৰিব পাৰি ৷ উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে ৰাজপথত প্ৰতি মুহূৰ্ততে এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ পৰিবহণ বিভাগক দিয়া নিৰ্দেশনাত পৰিবহণ বিভাগে ৰাজপথত পথচাৰীৰ লগতে যানবাহন ব্যৱহাৰকাৰীক দুৰ্ঘটনামুক্ত আৰু সুৰক্ষিত যাতায়ত প্ৰদান কৰিবলৈ পাৰ্যমানে চেষ্টা চলাইছে। সেয়ে অতিৰিক্ত জৰিমনাৰ সন্মুখীন নোহোৱাকৈ অহা ৩১ডিচেম্বৰৰ ভিতৰত যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰাৰ লগতে নথিপত্ৰসমূহ নৱীকৰণ অৰ্থাৎ বৈধ কৰি ৰাজপথত সকলোৰে বাবে এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ নৱবৰ্ষৰ প্ৰাকক্ষণত যান-বাহন ব্যৱহাৰকাৰীৰ প্ৰতি আহ্বান জনোৱা হৈছে। অন্যথা মহানগৰীৰ ৰাজপথত শীঘ্ৰে অভিযানত নামিব বিভাগৰ উচ্চস্তৰীয় বিষয়াৰঅভিযানকাৰী দল।

You might also like