Your Voice, Our Strength

মূখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ ৩৫ হাজাৰ টকাৰ অনুদান অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰী সংস্থা ( নৱপ্ৰাদেশীকৃত) অসমৰ।

অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীৰ সমস্যা সমাধানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ।

আজিৰ খবৰ,গুৱাহাটী, ১৯ জুলাই: অসম হাইস্কুল অৱসৰ প্ৰাপ্ত শিক্ষক- কৰ্মচাৰী সন্থা (নৱপ্ৰাদেশিকীকৃত ) অসম আৰু অৱসৰী কৰ্মৰত শিক্ষক আৰু কৰ্মচাৰী সমন্বয় সমিতিৰ এটা সজাতি দলে শনিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি তেখেতসকলৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰে । সাক্ষাৎ কালত সংস্থাৰ ফালৰ পৰা মুখ্যমন্ত্ৰীক অভিনন্দন পত্ৰসহ মূখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ নগদ ৩৫ হাজাৰ টকাৰ অনুদান আগবঢ়াই অৱসৰ প্ৰাপ্ত শিক্ষক কৰ্মচাৰী সকলে । এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰে বুলি জানিবলৈ দিয়ে সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন নাথ শৰ্মাই । শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তি যোগেদি জনাই যে ২০০৫ চনৰ পৰা কাৰ্যকৰী হোৱা NPS ৰ আমি কৰ্মচাৰী নহয় কাৰণ আমাৰ নিযুক্তি ২০০৪ চনৰ আগৰ । ২০ ৰ পৰা ৩০/৩৫ বছৰকাল ভেনচাৰ হাইস্কুল /হাই মাদ্ৰাছাত শিক্ষা দান কৰি ২০১৩ চনত প্ৰাদেশিকৰণৰ পিছত মাত্ৰ এমাহ বা এবছৰ চাকৰি কৰিয়ে, কিছুমান সম্পূৰ্ণ পাঁচ বছৰো চাকৰি নকৰাকৈয়ে অৱসৰ গ্ৰহণ কৰিবলগীয়া হৈছিল বহু শিক্ষক কৰ্মচাৰীয়ে । নৃপেন নাথ শৰ্মাই কয়, অতি নগন্য কাল চাকৰি কৰি NPS ৰ নামত এটকা জমা কৰিব নোৱাৰাৰ লগতে এই সকলে অৱসৰ গ্ৰহনৰ পিছত NPS ৰ পৰা Annuity পাবলৈ সক্ষম নহল। Ad-hoc Receiving Date ৰ পৰা চাকৰি কাল গণ্য ৰূপ দিয়া, NPS ৰ পৰা মুক্ত কৰি OPS মতে পেঞ্চন DCRG দিয়া, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ পৰা শিক্ষা আয়ুক্তৰ কাৰ্যালয়লৈ এক ইতিবাচক সঁহাৰি আশা কৰিছে সন্থাই । সমস্যাবিলাক চোৱাচিতা কৰাৰ বাবে মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক অৱগত কৰিব বুলি আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে ।

 

সজাতি দলটোত আছিল অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী সংস্থাৰ নৃপেন্দ্ৰনাথ শৰ্মা(সাধাৰণ সম্পাদক),হেমচন্দ্ৰ বৰ্মন (যুটীয়া সম্পাদক ), বলেন বড়ো (ৰাজ্যিক সম্পাদক) আৰু সমন্বয় সমিতিৰ পৰমানন্দ মজুমদাৰ (ৰাজ্যিক যুটীয়া সম্পাসদক),আৰু ৰঙিয়া জিলা কমিটিৰ সদস্য হেমন্ত শৰ্মা আৰু বিপুল চক্ৰৱৰ্ত্তী ।

P&C

You might also like