Your Voice, Our Strength

অলিম্পিকত কোন হ’ব মেৰীকমৰ প্ৰথম প্রতিদ্বন্দ্বী ?

আজিৰ খবৰ, গুৱাহাটী, ২৩জুলাই : অহা ২৫ জুলাইত টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নামিব ভাৰতৰ কিংবদন্তি মহিলা বক্সাৰ এম চি মেৰীকমে । ইতিমধ্যে অলিম্পিকৰ মহা যুদ্ধলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে অলিম্পিকৰ ব্রঞ্জৰ পদক বিজয়ী ছয়বাৰৰ বিশ্ব চেম্পিয়ন মণিপুৰী বক্সাৰগৰাকী । মেৰীকমৰ

প্রথম প্রতিদ্বন্দ্বী হ’ব ড’মিনিকাৰ মিগুইলীনা হার্নাণ্ডেজ৷অন্যহাতে কমনৱেল্থ গেমছৰ ৰূপৰ পদক বিজয়ী উদীয়মান বক্সাৰ মনীষ কৌশিকে ব্রিটেইনৰ তাৰকা লিউক মেকক’ৰমেকৰ বিৰুদ্ধে খেলি অলিম্পিকত অভিযান আৰম্ভ কৰিব৷

P&C

ইফালে বিশ্বৰ শীর্ষস্থানপ্রাপ্ত তাৰকা অমিত পাংহালকে ধৰি ভাৰতৰ চাৰিগৰাকী বক্সাৰে বাই লাভ কৰি প্রি–কোৱার্টাৰ ফাইনেললৈ উন্নীত হৈছে৷

একেদৰে অসম কন্যা লাভলীনা বৰগোহাঁই, চিমৰণজিৎ কৌৰ আৰু বিকাশ কৃষণেও প্রথম ৰাউণ্ডত বাই লাভ কৰিছে৷ এছিয়ান গেমছৰ স্বর্ণপদক বিজয়ী ২৫ বছৰীয়া পাংহালে অহা ৩১ জুলাইত প্রি–কোৱার্টাৰ ফাইনেল খেলিব৷

You might also like