Your Voice, Our Strength

বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰত বৃক্ষৰোপন অভিযান

আজিৰ খবৰ, ২৫ জুলাই : সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদ আৰু কাষৰীয়া উদ্যান শস্য গৱেষণা কেন্দ্ৰ চৌহদত আজি এক বৃক্ষৰোপন অভিযান চলোৱা হয় । বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক সঞ্জয় সিং গেহলতৰ তত্বাৱধানত অনুষ্ঠিত অভিযানত বি এছ এফৰ সকলো পৰ্যায়ৰ বিষয়া — জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে ভাগ লয় । তেনেদৰে উদ্যান শস্য গৱেষণা কেন্দ্ৰ চৌহদত আয়োজিত কাৰ্যসূচীত চৌহদৰ আবাসী সকলে সহযোগ কৰে । দুয়োটা চৌহদত ৫০০ ৰো অধিক গছপুলি ৰোপন কৰা হয় । আনহাতে একে সময়তে আজি গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনৰ চেক্টৰ , আৰু ইউনিট মূখ্য কাৰ্যালয় চৌহদত একে সময়তে ১২,৫০০ টা গছপুলি ৰোপন কৰা হয় । বি এছ এফৰ জনসম্পৰ্ক ৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে চলিত বৰ্ষৰ ভিতৰত মুঠ ৫৬,০০০ টা গছপুলি ৰোপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

P&C
You might also like