Your Voice, Our Strength

এক সুবৰ্ণ সুযোগ: ১৫ আগষ্টৰ ভিতৰত থিতাতে লাভ কৰিব পাৰিব লাৰ্ণাৰ লাইচেঞ্চ

আজিৰ খবৰ, গুৱাহাটী, ১আগষ্ট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰিৱহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশমৰ্মে পৰিৱহণ বিভাগৰ লৈছে এক বিশেষ উদ্যোগ । উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ শিক্ষাৰ্থী সকলক কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে প্ৰদান কৰিব শিকাৰু অনুজ্ঞাপত্ৰ(লাৰ্ণাৰ লাইচেঞ্চ) ।এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে গুৱাহাটী মহানগৰীৰ বেটকুছিস্থিত কাৰ্যালয়ত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে । উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰস্তুতি চলোৱা শিক্ষাৰ্থী সকলৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে পৰিবহণ বিভাগে । পৰিবহণ বিষয়া গৌতম দাস জানিবলৈ দিয়া মতে আবেদন কৰি সকলোৱে নিজৰ নাম ঠিকনা বয়স ৰ প্ৰমাণ পত্ৰ সহ পৰিৱহণ সেৱন প’ৰ্টেল অথবা https://sarathi.parivahan.gov.in/sarathi service ত অনলাইন যোগে আবেদন কৰিব লাগিব। ১আগষ্টৰ পৰা ১৫আগষ্টলৈ গুৱাহাটী বেটকুছিত থকা জিলা পৰিবহণ কাৰ্যলয়ত দিনে ২৫ জনকৈ আবেদনকাৰীক যান বাহনৰ যাবতীয় জ্ঞান প্ৰদান কৰি থিতাতে এই অনুজ্ঞাপত্ৰ প্ৰদান কৰিব । হোণ্ডা চেফটি ড্ৰাইভিং এডকাশ্যন চেন্টাৰৰ সহযোগিতাত পথ সুৰক্ষা আৰু যান বাহন চলোৱা বিধি নিয়মৰ প্ৰাথমিক জ্ঞান প্ৰদান কৰিব বুলি জনাইছে বিষয়া গৰাকীয়ে ।

P&C
You might also like