Your Voice, Our Strength

কিয় খাব লাগে কোমোৰা ?

কোমোৰাত আছে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অজস্ৰ গুণ...

আজিৰ খবৰ, ২ ছেপ্টেম্বৰ : হাঁহৰ মাংসৰ লগত যদি কোমোৰা থাকে তেন্তে সকলোৰে লোভৰ পানী অহাটো স্বাভিভাবিক । কোমোৰা কেৱল খাদ্যৰ জুতিয়েই নহয় আয়ুবেৰ্দ শাস্ত্ৰৰ মতে , কোমোৰা হৈছে বলকাৰক আৰু অতি পুষ্টিকৰ পাচলি । কোমোৰাই কৰিব পাৰে তৃষ্ণা নিবাৰক , পিত্ত প্ৰশমক , মূত্ৰ বৰ্ধক , হৃদৰোগ নিবাৰক , শ্বাসযন্ত্ৰ বলকাৰক । কোমোৰা হৈছে বহু গুণেৰে ভৰা আৰু সহজতে ঘৰৰ চালতে লগাব পৰা এবিধ উত্তম পাচলি । কি থাকে কোমোৰাত….

কোমোৰাত প্ৰচুৰ পৰিমানে ফইবাৰ , আইৰণ , কেলছিয়াম , মেগনেছিয়াম , পটাছিয়াম , জিংক , ফচফৰাছ , ভিটামিন-বি , চি , কে আদি উপাদান পোৱা যায় ।

P&C

কি কি কাৰণে ভাল কোমোৰা…

◆ এণ্টি-অক্সিডেণ্ট গুণেৰে ভৰা কোমোৰাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ।

◆ কিডনি , লিভাৰ , হৃদযন্ত্ৰ আদি সুস্ত্ৰ ৰখাত সহায়ক ।

◆কোমোৰাৰ ৰসৰ লগত বেল পাতৰ ৰস মিহলাই খালে ডায়েবেটিছ নিয়ন্ত্ৰণ হয় ।

◆ কোমোৰাই হজম শত্তি বঢ়ায় , আভোক , বদহজম , কোষ্ঠকাঠিন্যতা আদি দূৰ কৰে ।

◆ পুৰঠ কোমোৰাৰ ৰসৰ লগত সম পৰিমানৰ পানী মিহলাই খালি পেটত খালে গেছ , এচিডিটি , পেটৰ আলচাৰ উপশম কৰে ।

◆প্ৰস্ৰাৱ খোলোচা কৰে ।

◆অৰ্শ ৰোগীৰ বাবে উপকাৰী ।

◆ কোমোৰাই চাইনাচাইটিছ , এজমা , ব্ৰংকাইটিছ , পানীলগা আদি প্ৰতিৰোধ কৰিব পাৰে ।

◆স্মৃতি শক্তি বঢ়ায় , মগজু তথা স্নায়ু কোষ সৱল কৰে , মানসিক অস্থিৰতা , অনিদ্ৰা দূৰ কৰাত সহায়ক ।

◆ তেজত অপকাৰী কলেষ্টৰল কম কৰে , উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ।

◆কোমোৰাৰ গুটিয়ে কৃমিৰ সমস্যা নাশ কৰে ।

◆ কোমোৰাৰ মাজ ভাগ জুয়ে পোৰা ঠাইত প্ৰলেপ দিলে পোৰণি কম হয় ।

You might also like