Your Voice, Our Strength

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত ” ৰিভাৰ্চ অফ ইণ্ডিয়া ” পালন , পাণ্ডুঘাটত চাফাই অভিযান।

আজিৰ খবৰ, গুৱাহাটী, ২৭ ডিচেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু বিশ্ববিদ্যালয় খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছ এছ কোষৰ সহযোগত ২৫ ডিচেম্বৰত ব্রহ্মপুত্র নদীৰ পাণ্ডুঘাটত “আজাদী কা অমৃত মহোৎসৱ” উপলক্ষে “ভাৰতৰ নদী” উদযাপন কৰা হয় । বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপজ্যোতি সন্দিকৈ, বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু ভাৰত চৰকাৰৰ জলশক্তি মিছনৰ পৰামর্শ অনুযায়ী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিৰ নেতৃত্বত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ দলটোৰ লগত কাৰ্য্যসূচী বিষয়া ডঃ ঋতুপৰ্ন বৰা আৰু ৬০ জন স্বেচ্ছাসেৱকে ব্রহ্মপুত্র নদীৰ পাণ্ডুঘাট পৰিষ্কাৰ কৰে । এন এছ এছ স্বেচ্ছাসেবক আৰু কর্মকর্তাসকলে ব্রহ্মপুত্র নদীৰ পাৰৰ পৰা প্রায় ১২ বেগ প্লাষ্টিক বর্জ্য সংগ্রহ কৰি গুৱাহাটী পৌৰ নিগমৰ বাহনৰ জৰিয়তে নিৰাপদ ঠাইলৈ প্ৰেৰণ কৰে । আনহাতে ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে সেই এলেকাৰ আশে-পাশে থকা বাসিন্দা সকলক নদীৰ পাৰত আৱৰ্জনা নেপেলোৱাৰ বাবে আবেদন কৰি কয় যে – নদীৰ মাজেৰে বর্জ্য পদার্থ প্রবাহিত হলে নদী প্ৰদূষণ হোৱাৰ উপৰিও সাধাৰণ মানুহ , মাছকে ধৰি জলজ প্ৰাণী উদ্ভিদৰ ওপৰতো ইয়াৰ বিৰূপ প্ৰভাৱ পেলায় । বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ প্রতাপ জ্যোতি সন্দিকৈ আৰু পঞ্জীয়ক হেমন্ত কুমাৰ নাথে নদীক পৰিষ্কাৰ কৰাৰ এক ভাল উদ্যোগ গ্ৰহণ কৰাৰ বাবে এন এছ এছ কোষক অভিনন্দন জ্ঞাপণ কৰে ।

You might also like