Your Voice, Our Strength

বিমানকোঠত “ৱৰ্ল্ড ডে ফৰ চেফটি এণ্ড হেল্থ দিৱস” উদযাপন

আজিৰ খবৰ, গুৱাহাটী, ৩০ এপ্ৰিল : বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত কৰ্মস্থলীত সুৰক্ষিত আৰু স্বাস্থ্যকৰ হৈ কৰ্ম কৰিবৰ বাবে এখন সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। তদুপলক্ষে, বিমানকোঠৰ বিভিন্ন বিভাগত, অহৰ্নিশে নিয়োগত কৰ্মচাৰীৰে সভাখন অনুষ্ঠিত কৰা হয়। সভাৰ মূল বাখ্যা আছিল কৰ্মস্থলীত কিদৰে নিজ সুৰক্ষা আৰু স্বাস্থ্যৰ প্ৰতি সজাগ হৈ কাম কৰিব লাগে তাৰ বিষয়ে বিষদভাৱে আলোচনা কৰাটো। উক্ত বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আমন্ত্ৰণ কৰি অনা হৈছিল চি আই এচ এফৰ মুখ্য লালমোহন ঠাকুৰক। তেখেতে মূল বাখ্যা সুন্দৰ ৰূপত ডাঙি ধৰে। তাৰোঁপৰি, নিৰ্দিষ্ট বক্তা হিচাপে বিমানকোঠৰ মুখ্য বিষয়া উৎপল বৰুৱাই কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰে। লগতে দিৱসৰ লগত সংগতি ৰাখি বিমানকোঠৰ বিভিন্ন বিভাগৰ বহুকেইজন বিভাগীয় মুৰব্বীয়ে ভাষণ প্ৰদান কৰে।

You might also like