Your Voice, Our Strength

সতৰ্কতা জাননী : এন. আৰ. এল. ৰ ভূৱা ৱেবছাইট সৃষ্টি

আজিৰ খবৰ, গুৱাহাটী, ৫ জুলাই, ২০২২ : নুমলীগড় শোধনাগাৰ লিমিটেডৰ প্ৰকৃত কৰ্পোৰেট ৱেবছাইট www.nrl.co.in ৰ ঠাইত এন. আৰ. এল. ৰ এক ভূৱা ৱেবছাইট সৃষ্টি কৰি, খালীপদৰ ভূৱা বিজ্ঞাপন জাৰি কৰি সন্দেহহীন প্ৰাৰ্থীৰ পৰা ধন আত্মসাৎ কৰিবলৈ এটা দুষ্ট চক্ৰই চেষ্টা চলাইছে।

P&C

এন. আৰ. এল. এ ভাৰত চৰকাৰৰ নেশ্বনেল চাইবাৰ ক্ৰাইম ৰিপ’ৰ্টিং পোৰ্টেলত ইতিমধ্যে অভিযোগ দাখিল কৰিছে আৰু এই বিষয়টো সমাধান কৰিবলৈ স্থানীয় আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে, কোম্পানীয়ে সকলো পক্ষকে এই ভূৱা ৱেবছাইটৰ বিপৰীতে ধন পৰিশোধ নকৰিবলৈ আহ্বান জনাইছে।

এই ভূৱা ৱেবছাইটটোত হোম পেজৰ মেইন মেনুত “কেৰিয়াৰ” নামৰ এটা লিংক আছে। লিংকটোত ক্লিক কৰিলে পেজটোলৈ লৈ যায় য’ত ৩২৩৫ টা ভূৱা খালী পদৰ বিজ্ঞাপন দিয়া হৈছে। প্ৰাৰ্থীৰ সবিশেষ বিচাৰি আৰু পেমেণ্ট এপ্লিকেচনত ১০০০ টকা অনলাইন ট্ৰেন্সফাৰ কৰিৱলৈ নিৰ্দেশিত কৰে।

You might also like