Your Voice, Our Strength

Covid-19: নতুন ভেৰিয়েণ্ট Delta plusএ আনিব তৃতীয় ঢৌ !

অধিক সংক্ৰামক প্ৰকাৰটোৰ ক্ষেত্ৰত কাৰ্যকৰী হ'বনে ভেকচিন ? কি কয় বিশেষজ্ঞসকলে ?

কোৰোণাৰ দ্বিতীয় ঢৌ অব্যাহত থকাৰ মাজতে এটা নতুন ভেৰিয়েণ্টে ভাৰতত সৃষ্টি কৰিছে তীব্ৰ আশংকা। বৰ্তমানলৈকে সমগ্ৰ ভাৰতত নতুন ভেৰিয়েণ্ট ডেল্টা প্লাছৰ ৩০ টা ঘটনা পোহৰলৈ আহিছে। কোৰোণা ভাইৰাছৰ অত্যন্ত সংক্ৰামক ৰাজ্য মহাৰাষ্ট্ৰত ডেল্টা প্লাছ ভেৰিয়েণ্টৰ (Delta Plus Variant) ২১ টা ঘটনা চিনাক্ত কৰা হৈছে। বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে এই প্ৰকাৰবোৰেই কোৰোণাৰ তৃতীয় ঢৌৰ কাৰণ হ’ব পাৰে। মহাৰাষ্ট্ৰৰ উপৰিও ভাৰতৰ কেৰালা, কৰ্ণাটক আৰু মধ্য প্ৰদেশত ডেল্টা প্লাছ প্ৰকাৰৰ ঘটনা পোৱা গৈছে। বৰ্তমানলৈকে সমগ্ৰ বিশ্বতে এই প্ৰকাৰৰ মাত্ৰ ২০০ টা ঘটনা পোৱা গৈছে, তাৰে ৩০ টা ঘটনাই ভাৰতৰ।

 

P&C

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে ডেল্টা প্লাছ ভেৰিয়েণ্টক উদ্বেগৰ প্ৰকাৰ হিচাপে গণ্য কৰিছে। কেন্দ্ৰই কৈছিল যে ডেল্টা প্লাছ ভেৰিয়েণ্টটো গভীৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। কেন্দ্ৰই ৰাজ্যসমূহক ডেল্টা প্লাছৰ সৈতে মোকাবিলা কৰিবলৈ সতৰ্ক কৰি দিছে।

 

ডেল্টা ভেৰিয়েণ্টৰ (B.1.617.2) পৰিৱৰ্তন

 

নতুন ডেল্টা প্লাছ প্ৰকাৰটো হৈছে ডেল্টা প্ৰকাৰৰ (B.1.617.2) পৰিৱৰ্তন, যাৰ ফলত ভাৰতত কৰোনাৰ দ্বিতীয় ঢৌ সৃষ্টি হৈছিল। ভাৰতৰ বাহিৰেও এতিয়ালৈকে বিশ্বৰ ৯ খন দেশত ডেল্টা প্লাছ পোৱা গৈছে। এই দেশবোৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, পৰ্তুগাল, চুইজাৰলেণ্ড, জাপান, পোলেণ্ড, নেপাল, চীন, ৰাছিয়া।

 

মহাৰাষ্ট্ৰত সৰ্বাধিক ঘটনা

 

 

মহাৰাষ্ট্ৰত বৰ্তমান ভাৰতৰ সৰ্বাধিক সংখ্যক ডেল্টা প্লাছ ভেৰিয়েণ্টৰ তথ্য আছে। মহাৰাষ্ট্ৰত সৰ্বাধিক ৯ টা ঘটনা ৰত্নাগিৰিত, ৭ টা জলগাঁও, ২ টা মুম্বাই আৰু এটাকৈ ঘটনা পালঘৰ, থানে আৰু সিন্ধুদুৰ্গত পোহৰলৈ আহিছে। কেৰালাত পোৱা তিনিটা ঘটনা পালাক্কাড আউক পাথানামথিট্টাৰ। ইয়াৰে এটা ঘটনা হৈছে চাৰি বছৰীয়া শিশুৰ।

 

 

আলফা সংস্কৰণতকৈ ৩৫-৬০% অধিক সংক্ৰামক

 

 

এইমছৰ চিকিৎসক শুভ্ৰদীপ কৰ্মকাৰে কৈছে যে ডেল্টা প্লাছৰ অতিৰিক্ত মিউটেন্ট K417N আছে, যি ডেল্টা (B.1.617.2)ক ডেল্টা প্লাছলৈ ৰূপান্তৰ কৰে। তেওঁ কয় যে এই মিউটেন্টটো অধিক সংক্ৰামক আৰু ই আলফা সংস্কৰণতকৈ ৩৫-৬০% অধিক সংক্ৰামক। কিন্তু ভাৰতত ইয়াৰ সংখ্যা অতি কম। এইটো বৰ্তমান চিন্তাৰ কাৰণ নহয় আৰু ইয়াৰ সংক্ৰমণৰ ঘটনাও কম।

 

ভেকচিন কিমান কাৰ্যকৰী হ’ব

 

 

বিজ্ঞানীসকলে বৰ্তমান ডেল্টা প্লাছ প্ৰকাৰটোত ভেকচিনবোৰ কিমান কাৰ্যকৰী হ’ব সেই বিষয়ে অব্যাহত ৰাখিছে গৱেষণা। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ বিভাগৰ এজন প্ৰাক্তন সঞ্চালকে cnbc.comক কৈছিল যে ভেকচিনটো এই প্ৰকাৰটোতো কাৰ্যকৰী হ’ব পাৰে। তেওঁ কৈছিল যে এইক্ষেত্ৰত এমআৰএনএ ভেকচিনটো অধিক কাৰ্যকৰী (৮৮ শতাংশ) হোৱা দেখা গৈছে। আনহাতে ভাইৰেল ভেক্টৰ ভেকচিনবোৰ তুলনামূলকভাৱে কম কাৰ্যকৰী (৭০ শতাংশ) দেখা গৈছে। উল্লেখ্য যে, জনছন এণ্ড জনছন আৰু এষ্ট্ৰজেনিকা ভেকচিন হৈছে ভাইৰেল ভেক্টৰ ভেকচিন। ফাইজাৰ আৰু মডাৰ্ণাৰ ভেকচিন এম.আৰ.এন.এ. ভেকচিন।

 

 

মহাৰাষ্ট্ৰত তৃতীয় ঢৌ আহিব নেকি?

 

 

মহাৰাষ্ট্ৰই ডেল্টা প্লাছ প্ৰকাৰৰ ওপৰত সৰ্বাধিক উদ্বেগ প্ৰকাশ কৰিছে। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ নেতৃত্বত যোৱা সপ্তাহত এখন বৈঠক অনুষ্ঠিত হৈছিল, বৈঠকত কোৱা হৈছিল যে ভেৰিয়েণ্টটোৱে ৰাজ্যখনত তৃতীয় ঢৌৰ সৃষ্টি কৰিব পাৰে। বৈঠকত মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেও উপস্থিত আছিল। এইটোও কোৱা হৈছিল যে ৰাজ্যখনত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৮ লাখ পৰ্যন্ত হ’ব পাৰে। ইয়াৰে দহ শতাংশ আক্ৰান্ত শিশু হ’ব পাৰে।

 

 

ভাৰতৰ বাবে চিন্তাৰ কাৰণ নেকি?

 

 

স্বাস্থ্য বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে ডেল্টা প্লাছ প্ৰকাৰ ভাৰতত তৃতীয় ঢৌৰ কাৰণ হ’ব পাৰে। আৰু এই প্ৰকাৰবোৰে মানুহৰ ৰোগ প্ৰতিৰোধ প্ৰণালীকো বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিব পাৰে। ভাৰতত এই প্ৰকাৰটোৰ আক্ৰান্তৰ সংখ্যা এতিয়ালৈকে কম। দেশত এতিয়া কেৱল ডেল্টা প্ৰকাৰ কাৰ্যকৰী। অৱশ্যে বৰ্তমানৰ নিম্নগামী পৰিসংখ্যা কেতিয়া সলনি হ’ব সেয়া স্পষ্টকৈ উল্লেখ কৰাটো কঠিন।

You might also like