Your Voice, Our Strength

কাছাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

আৰক্ষী অধীক্ষক বৈভৱ চি নিম্বালকৰৰ সবল নেতৃত্বত মাৰাথান অভিযান

আজিৰ খবৰ ২৫ জুন : ৰাজ্য চৰকাৰে অসমত ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতেই আৰক্ষীৰ মাৰাথান অভিযানত প্ৰতি দিনতে ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে । এইবাৰ আৰক্ষীৰ জালত পৰিছে কাছাৰ জিলাৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী । ৰাজ্যৰ অন্যান্য জিলাৰ লগতে কাছাৰ জিলাটো আৰক্ষী অধীক্ষক বৈভৱ চি নিম্বালকৰৰ নেতৃত্বত ধাৰাবাহিকভাৱে ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰতি মুহূৰ্ততে নিদ্ৰাহৰণ কৰিছে । বৃহস্পতিবাৰে কাছাৰ আৰক্ষীয়ে অধীক্ষক নিম্বালকৰৰ নেতৃত্বত শিলচৰ চহৰৰ এখন হোটেলৰ পৰা প্ৰায় দহ লাখ টকাৰ নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত লাল ৰবুলা নামৰ এজন অৱসৰ প্ৰাপ্ত সেনা বিষয়াক আটক কৰিবলৈ সক্ষম হৈছে । জানিব পৰা মতে ড্ৰাগছ সৰবৰাহকাৰীৰ লগত জড়িত এজন অৱসৰ প্ৰাপ্ত সেনা বিষয়াৰ লগতে ব্যৱসায়ৰ লগত জড়িত হোটেলখনৰ প্ৰবন্ধকজনকো আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী । উল্লেখ্য যে ৰাজ্যৰ উজনি-নামনি, বৰাক উপত্যকা তথা পাহাৰীয়া জিলাসমূহত অবৈধ ড্ৰাগছ সৰবৰাহ ভয়ানক ৰূপ ধাৰণ কৰাৰ লগতে দেশৰ ভৱিষ্যত প্ৰজন্মক পংগু কৰি অনিশ্চিত অন্ধকাৰৰ গৰাহলৈ ঠেলি দিয়াৰ সময়তে কাছাৰ জিলাটো আৰক্ষী অধীক্ষক আই পি এছ বিষয়া বৈভৱ চি নিম্বালকৰৰে অবৈধ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্বে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ আৰক্ষী গৰাকীৰ সমাজ সচেতনতাৰ যি অনুভৱ তথা কৰ্ম দক্ষতাৰ বাবে জিলাখনৰ ৰাইজে প্ৰতি মুহূৰ্ততে দক্ষ বিষয়া বৈভৱ চি নিম্বালকৰক শলাগ লৈছে ।

You might also like