Your Voice, Our Strength

অসমৰ বন বাহিনীৰ মূৰব্বী হিচাপে ডঃ অলকা ভাৰ্গবৰ দায়িত্বভাৰ গ্ৰহণ

ভাৰতীয় বন সেৱাৰ ১৯৮৭ বেটছৰ অসম - মেঘালয় কেডাৰৰ বিষয়া আৰু প্ৰধান মুখ্য বন সংৰক্ষক ডঃ অলকা ভাৰ্গৱ।

আজিৰ খবৰ,৩০ জুন : ৰাজ্য চৰকাৰৰ বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মূৰব্বী হিচাপে আজি দায়িত্বভাৰ গ্ৰহণ কৰিছে ভাৰতীয় বন সেৱাৰ ১৯৮৭ বেটছৰ অসম – মেঘালয় কেডাৰৰ বিষয়া আৰু প্ৰধান মুখ্য বন সংৰক্ষক ডঃ অলকা ভাৰ্গৱে । আজি বিয়লি বন বিভাগৰ পাঞ্জাবাৰীস্থিত মুখ্য কাৰ্যালয় “অৰণ্য ভৱন”ত বিদায়ী প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী অৰবিন্দ মাধৱ সিঙৰ পৰা ডঃ অলকা ভাৰ্গবে দায়িত্বভাৰ গ্ৰহণ কৰে । এই উপলক্ষে অৰণ্য ভৱনৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত অসম চৰকাৰৰ আৱকাৰী , মীন , বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য , প্ৰধান মুখ্য বন সংৰক্ষক ( বন্যপ্ৰাণী ) অমিত সহায়কে ধৰি বন বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ।

P&C

অনুষ্ঠানত বিদায়ী আৰু নবনিযুক্ত দুয়োজনকে বিভাগটোৰ বিষয়া সকলে সম্বৰ্ধনা জনায় । আনহাতে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগৰ নতুন মুৰব্বী ডঃ অলকা ভাৰ্গৱক শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ নেতৃত্বত বিভাগটো আৰু অধিক গতিশীল আৰু দায়বদ্ধতাৰে কৰ্ম সম্পাদন কৰিব বুলি আশা ব্যক্ত কৰে । তেনেদৰে নবনিযুক্ত ডঃ অলকা ভাৰ্গবেও আগন্তক দিনত বনমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভাগটোৰ তৃণমূল পৰ্যায়লৈকে সকলোৰে সহায় সহযোগ লাভ কৰিব বুলি আশা ব্যক্ত কৰে । তেনেদৰে বিদায়ী অৰবিন্দ মাধৱ সিংয়েও বিগত সময়চোৱাত তেওঁ বিভাগটোৰ সকলোৰে পৰা লাভ কৰা সহায় সহযোগিতাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

You might also like