Your Voice, Our Strength

নগাঁও জিলাৰ জুৰীয়া সূঁতিৰপাৰত কৰ্তব্যৰত বনকৰ্মীৰ ওপৰত আক্ৰমণ চোৰাং মাছমৰীয়াৰ।

আজিৰ খবৰ, জুৰীয়া, ২৬ জুলাই : দেওবাৰে সন্ধিয়া লাওখোৱা অভয়াৰণ্যত বনৰক্ষীৰ ওপৰত চোৰাং মাছমৰীয়াৰ দলবদ্ধ আক্ৰমণ। জুৰীয়া সুতিৰপাৰ স্থিত ৰৌমাৰী বিলৰ পাৰত টহলদাৰী বনকৰ্মীৰ দল এটাৰ ওপৰত ভয়াৱহ আক্ৰমণ চলাই চোৰাং মাছমৰীয়া এটা দলে।চোকা অস্ত্ৰৰে সু-সজ্জিত হৈ চোৰাং মাছমৰীয়াই চলাইছিল আক্ৰমণ।

চোৰাং মাছমৰীয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৩ জনকৈ বনকৰ্মীৰ।

P&C

গুৰুতৰভাৱে আহত হৈছে প্ৰৱণ কুমাৰ শৰ্মা নামৰ বনকৰ্মী জন। তিনিওজন আহত বনকৰ্মী দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হয়। দিনৰ ভাগত ডাঙৰ জাল লৈ মাছমৰীয়া সকলে মনে মনে বিলত মাছ মৰাত খেদি পঠিয়াইছিল বন বিভাগে ৷ এই লৈ ক্ষুদ্ধ হৈ মাছমৰীয়া বিলাকে নিশা সুযোগ বুজি আক্ৰমণ চলাই বনকৰ্মীৰ ওপৰত।

You might also like