Your Voice, Our Strength

অসম মিজোৰাম সীমান্তত ধাৰসাৰ গুলীবৰ্ষণ মিজো দুৰ্বৃত্তৰ গুলিত অসম আৰক্ষীৰ ৬জন জোৱান নিহত

“আজিৰ খবৰ,২৬ জুলাই:
উত্তৰ–পূবৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহে আলোচনা কৰাৰ পিছতে আজি অসম–মিজোৰাম সীমান্তত সংঘটিত উদ্বেগজনক সংঘৰ্ষই জোকাৰি গৈছে ৰাজ্যকে ধৰি ৰাষ্ট্ৰীয় ৰাজনীতি। অসমৰ কাছাৰ জিলা আৰু মিজোৰামৰ কোলাচিব জিলাৰ সীমান্ত অঞ্চলৰ পৰা চৰকাৰী বাহনৰ ওপৰত গুলীচালনা কৰে মিজো দুৰ্বৃত্তই ।
অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত হয় এই ভয়ংকৰ ঘটনা । জানিব পৰা মতে কাছাৰৰ জিলা উপায়পক্তৰ বাহনলৈ লক্ষ্য কৰি গুলি কৰিছিল মিজো দুৰ্বৃত্তই । ধাৰাসাৰ গুলি বৰ্ষণত ইতিমধ্যে ৬ জন অসম আৰক্ষী জোৱান মৃত্যু হোৱাৰ খবৰ আহিছে । ইয়াৰে ৭০ জনৰো অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে । মিজো দুৰ্বৃত্তৰ নিৰ্বিচাৰে গুলি চালনাত কাছাৰ জিলা আৰক্ষী অধীক্ষক বৈভৱ নিম্বালকৰৰ লগতে ধলাই থানৰ অ চি আহত হৈছে ।লগতে কেইবাজনো অসম আৰক্ষীৰ জোৱান সংকটপূৰ্ণ অৱস্থাত চিকিৎস্যালয়ত ভৰ্তি কৰোৱা হৈছে ।

P&C

উল্লেখ্য যে অসমৰ ভূমি মিজো দুৰ্বৃত্তই দখল কৰাত অসম সীমান্ত আৰক্ষীয়ে মিজোক খেদিবলৈ যাওতেই এই ভয়ংকৰ ঘটনা সংঘটিত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হোৱাৰ লগে লগেই দুৰ্বৃত্তৰ দলটোৱে নিৰ্বিচাৰ অসম আৰক্ষী লৈ লক্ষ্য কৰি গুলিচালনা কৰে । মিজো দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে কাছাৰৰ জিলা উপায়পক্তৰ বাহন। মুখ্যমন্ত্ৰী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক টুইট কৰি কৈছিল যে মিজোৰাম চৰকাৰৰ সৈতে তেওঁ কথা পাতিছে। এইক্ষেত্ৰত সীমান্তত অসমে শান্তি বজাই ৰাখিব আৰু প্ৰয়োজনত তেওঁ আইজললৈ গৈ সমস্যা সমাধান কৰিবলৈ সাজু। ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্রত্যুত্তৰ দিয়াৰ নিৰ্দেশ দিয়াৰ লগতে ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ মন্ত্রী পীয়ূষ হাজৰিকাক ।

You might also like