
কাৰ্গিল স্মৰণ : ২৬ দিন ধৰি চলা এখন শ্বাসৰুদ্ধ যুদ্ধ ! আপুনি জানেনে দেশ মাতৃৰ সেৱাত কিমান জন জোৱানে প্ৰাণ উছৰ্গা কৰিছিল …
আজিৰ খবৰ,২৫ জুলাই : ৩ মে ১৯৯৯ চন । বন্দুক আৰু মৰ্টাৰৰ গৰ্জনেৰে গৰজি উঠিছিল কাৰ্গিলৰ আকাশ বতাহ…! ১৯৯৯ চনৰ মে’ৰ পৰা জুলাই পৰ্যন্ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(Line of Actual Control)ৰ সমীপত কাশ্মীৰৰ কাৰ্গিল অঞ্চলত কাৰ্গিল যুদ্ধ আৰম্ভ হৈছিল ।
বন্দুক-মৰ্টাৰৰ গৰ্জন সেই বছৰৰে ২৬ জুলাই পৰ্যন্ত অব্যাহত আছিল। তচনচ হৈছিল শত্ৰুৰ সমস্ত ৰণ-কৌশল। মুখত ছাঁই সানি উভতিছিল ইখনৰ পাছত সিখন যুদ্ধত হাৰিও শিক্ষা নোলোৱা পাকিস্তানে! প্ৰায় ৬০ দিনযোৰা যুদ্ধৰ অন্তত পাকিস্তানী সেনাক পৰাভূত কৰি ভাৰতীয় সেনাই কাৰ্গিলৰ উচ্চ শিখৰত বিজয়ধ্বজা উৰুৱাইছিল । সেই সময়ৰ পৰাই ভাৰতত ২৬ জুলাইৰ দিনটো কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰা হয় ।এই সকল মহান বীৰ জোৱানৰ ছত্ৰছায়াত আমি চিৰদিন চিৰকাল নিৰাপদ অনুভৱ কৰি আহিছোঁ .!
আজিৰ এই গৌৰৱময় দিনটোক স্মৰণ কৰি
দেশ মাতৃৰ সেৱাত প্ৰাণ উছৰ্গা কৰা প্ৰতিগৰাকী বীৰ সন্তানলৈ শ্ৰদ্ধা নিবেদিলোঁ । ,
৷ আজিৰ পৰা ২২বছৰ পূৰ্বে পাকিস্তানক পৰাভূত কৰি ভাৰতীয় সেনাই কাৰ্গিলৰ উচ্চ শিখৰত বিজয়ধ্বজা উৰুৱাইছিল ৷ কাৰ্গিল সংঘৰ্ষ হিচাপেও জনাজাত কাৰ্গিল যুদ্ধ আছিল ভাৰত-পাকিস্তানৰ মাজত সংঘটিত এক সশস্ত্ৰ যুদ্ধ ৷ সেই সময়ৰ পাকিস্তানৰ মুখ্যমন্ত্ৰী নৱাজ শ্বৰীফৰ অজ্ঞাতে পাকিস্তানী সেনা প্ৰধান জেনেৰেল পাৰভেজ মুজাৰফে দুয়ো দেশৰ মাজত থকা দ্বি-পাক্ষিক বুজাবুজি ভংগ কৰি কাশ্মীৰৰ সু-উচ্চ পোষ্টসমূহ, য’ত শীতৰ দিনত দুয়ো দেশৰ সেনাই বুজাবুজিৰে এৰি দিয়ে, সেইসমূহ দখল কৰিছিল ৷ পাকিস্তানী সেনাই এই পোষ্টসমূহ স্বাধীন কাশ্মীৰী সন্ত্ৰাসবাদী সংগঠনে দখল কৰা বুলি কৈ যুদ্ধৰ বাবে অনিচ্ছা প্ৰকাশ কৰিছিল ৷ অনুপ্ৰৱেশকাৰী পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদীয়ে এনে স্থানত অৱস্থান কৰিছিল, য’ৰ পৰা যুদ্ধৰ আৰম্ভণি কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰাত তেওঁলোকৰ সুবিধা হৈছিল ৷ ইফালে অতি কৌশলেৰে স্থানীয় ভেড়াৰখীয়াৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি ভৰতীয় সেনাই তেওঁলোকৰ স্থানসমূহৰ অনুমান কৰে ৷ লগে লগে ভাৰতীয় সেনাই ‘অপাৰেচন বিজয়’ অভিযান আৰম্ভ কৰে ৷ এই অভিযানৰ সফলতাপূৰ্বক ১৯৯৯ চনৰ ২৬ জুলাইত অন্ত পৰে ৷উল্লেখ্য এই যুদ্ধত ভাৰতে ৫২৭ গৰাকী বীৰ জোৱানক হেৰুৱায় ৷ ইয়াৰ বিপৰীতে পাকিস্তানী সেনাই ৩৫৭-৪৫৩ গৰাকী সেনা হেৰুৱায় ৷