
গুৱাহাটীত প্ৰথম সোন লাভ কৰা যুৱকজন এতিয়া অলিম্পিকৰ গোল্ডেন বয়
আজিৰ খবৰ, টকিঅ, ৭ আগষ্ট : অসমৰ মাটিত প্ৰথমটো সোণৰ পদক পোৱা যুৱক জন এইবাৰ টকিঅ’ অলিম্পিকৰ গোল্ডেন বয় হিচাপে পৰিগণিত হ’ল । ভাৰতৰ ১১৬ বছৰীয়া অপেক্ষাৰ অন্ত পৰিল। এজন খেতিয়কৰ লৰাই আজি সমগ্ৰ বিশ্বক বাধ্য কৰিলে তেওঁৰ সফলতাৰ বাবে হাত-তালি বজাবলৈ । হাৰিয়ানাৰ এখন সৰু গাওঁ খান্ডাৰাৰ কৃষক সতীশ কুমাৰ আৰু সৰোজ দেৱীৰ ঘৰত ২৪ ডিচেম্বৰ, ১৯৯৭ ত নীৰজ চ্ৰোপ্ৰাৰ জন্ম হৈছিল। পানীপথৰ শিৱাজী ষ্টেডিয়ামত প্ৰশিক্ষক জিতেন্দ্ৰৰ ওচৰত জেভলিনৰ প্ৰশিক্ষণ আৰম্ভ কৰা চ্ৰোপ্ৰাই ২০১৬ চনত ভাৰতীয় সৈন্য বাহিনীত যোগদান কৰে আৰু তাৰ পৰাই জেভলিন থ্ৰ’ৰ উন্নত প্ৰশিক্ষণ লাভ কৰে। উল্লেখ্য যে ২০১৬ চনতে গুৱাহাটীত অনুষ্ঠিত হোৱা চাউথ এচিয়ান গেমছত স্বৰ্ণ জয়ৰ জৰিয়তে নীৰজে প্ৰথম অন্তৰাষ্ট্ৰীয় পদক লাভ কৰিছিল। তাৰ পাছত আই. এ. এ. ফ. ৱৰ্ল্ড আন্দাৰ ২০ চেম্পিয়নশ্বিত জুনিয়ৰ বিশ্ব ৰেকৰ্ড বনাই দ্বিতীয়টো স্বৰ্ণ জয় কৰে। ২০১৮ চনৰ কমনৱেলথ গেমছ আৰু এচিয়ান গেমছৰ স্বৰ্ণ বিজয়ী নীৰজ চ্ৰোপ্ৰাই আঘাতৰ বাবে যথেষ্ট দিন ট্ৰেকৰ পৰা আতৰি থাকিব লগা হৈছিল যদিও সেই বছৰেই চাউথ আফ্ৰিকাত ৮৭.৮৬ মিটাৰ থ্ৰ কৰি টকি’অ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। অৱশেষত হাৰিয়ানাৰ পানীপথৰ অৰ্জুন বটা বিজয়ী নীৰজ চ্ৰোপ্ৰাই টকি’অ অলিম্পিক ২০২০ৰ জেভলিন থ্ৰ’ত ৮৭.৫৮ মিটাৰ থ্ৰ’ৰ জৰিয়তে স্বৰ্ণ জয় কৰি ভাৰতক গৌৰাম্বিত কৰিলে ।
This GOLD of August 7 is our KOHINOOR💎🥇
Millions exult in jubilation as our our star player #NeerajChopra bags a #gold in #JavelinThrow in #Tokyo2020.
An unforgettable moment for us. History is scripted today!#Olympicsindia #Tokyo2021 #TeamIndia pic.twitter.com/AdHMBKOzBj
— Himanta Biswa Sarma (@himantabiswa) August 7, 2021
