Your Voice, Our Strength

২৩ আগষ্টৰ পৰা গুৱাহাটী আৰু তেজপুৰৰলৈ নিয়মীয়াকৈ চলিব ৰেলসেৱা

আজিৰ খবৰ, গুৱাহাটী, ৮ আগষ্ট : ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে প্ৰায় ৩ মাহ ধৰি বন্ধ হৈ থকাৰ পাছত যাত্ৰীৰ বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূৱ সীমান্ত ৰেলৱে কৰ্তৃপক্ষই ২৩ আগষ্টৰ পৰা নিয়মীয়াকৈ গুৱাহাটী আৰু তেজপুৰৰ মাজত পূৰ্বতে চলাচল কৰা গুৱাহাটী – ডেকাৰগাঁও – গুৱাহাটী ৰেলখন চলাচল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ কৰ্তৃপক্ষৰ এক সূত্ৰই সদৰি কৰা অনুসৰি ২৩ আগষ্টৰ প্ৰতিদিনে ০৫৮১৫/০৫৮১৬ গুৱাহাটী – ডেকাৰগাঁও – গুৱাহাটী বিশেষ এক্সপ্ৰেছ ৰেলখন বিয়লি ৪.১৫ বজাত গুৱাহাটী ৰেল ষ্টেচনৰ পৰা তেজপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিব আৰু নিশা ১০ বজাত গৈ তেজপুৰৰ ডেকাৰগাঁও ৰেল ষ্টেচন পাব । তেনেদৰে ২৪ আগষ্টৰ পৰা ৰেলখন প্ৰতিদিনে পুৱা ৫.১৫ বজাত ডেকাৰগাঁও ৰেল ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু দিনৰ ১০.২০ বজাত আহি গুৱাহাটী ৰেল ষ্টেচন পাব । ১০ টা সাধাৰণ দ্বিতীয় শ্ৰেণী আৰু ২ টা জি এছ এল আৰসহ মুঠ ১২ টা দবাযুক্ত ৰেলখন যাত্ৰাপথত কামাখ্যা , ৰঙিয়া , গোৰেশ্বৰ , টংলা , হৰিছিঙা , ওদালগুৰি , ৰৌতাবাগান , মাজবাট , ঢেকীয়াজুলি ৰোড , নিউ মিছামাৰী আৰু নৰ্থ ৰঙাপাৰা ৰেল ষ্টেচনত ৰব । উল্লেখযোগ্য যে ৰেলখনৰ চলাচল আৰম্ভ হলে গুৱাহাটীলৈ বিভিন্ন কামত অহা যোৱা কৰা উত্তৰ অসমৰ এক বৃহৎ অঞ্চলৰ ৰাইজৰ এটা সমস্যাৰ সমাধান হব ।

You might also like