Your Voice, Our Strength

অলিম্পিকৰে পাছতেই জাপানত মিৰিনাই লৈছে তীব্ৰ গতি :কি এই মিৰিনা….

আজিৰ খবৰ,৮ আগষ্ট : অলিম্পিক সমাপ্তি হৈছে যদিও টকিঅ’ত এক উদ্ধেগৰ খবৰে এতিয়া জাপানবাসীক চিন্তিত কৰি তুলিছে । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি জাপানৰ পূৱ উপকূলৰ দিশে আগবাঢ়িছে মিৰিনাই ঘূৰ্ণীবতাহ ।তীব্ৰ গতিবেগেৰে জাপানৰ পূৱ দিশৰ ফালে আগবাঢ়িছে এই মিৰিনাই ঘূৰ্ণীবতাহ । পূৱ উপকূলৰ চিবা প্ৰান্তৰ প্ৰায় ২৯,০০০ লোকক সেই স্থান ত্যাগ কৰি নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই ।দেওবাৰে পুৱতি নিশালৈকে মিৰিনাই ঘূৰ্ণীবতাহ প্ৰি-ফেকচাৰৰ দক্ষিণ-পূৱত আছিল আৰু প্ৰতি ঘণ্টাত প্ৰায় ২৫ কিলোমিটাৰ উত্তৰ-পূৱ লৈ গতি কৰিছে ।বুলি জানিবলৈ দিয়ে জাপান বতৰ বিজ্ঞান সংস্থাই ।জানিব পৰা মতে, এই ঘূৰ্ণী বতাহৰ কেন্দ্ৰীয় বায়ুমণ্ডলীয় চাপ হৈছে ৯৮০ হেক্টোপাস্কেল । ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ৮৩ কিলোমিটাৰ আৰু ইয়াৰ অভিকেন্দ্ৰৰ ওচৰত প্ৰতি ঘণ্টাত সৰ্বাধিক গতিবেগ ১২৬ কিলোমিটাৰ । ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সাম্ভাব্য ভূমিস্খলন আৰু বানপানীৰ বিষয়ে সতৰ্ক কৰি দিছে ।

You might also like