Your Voice, Our Strength

এইবাৰ বিধায়ক নহয় সাংসদে যোগদান কৰিব পাৰে বিজেপিত: ৰাজনৈতিক মহলত ব্যাপক চৰ্চা,কোন এইগৰাকী সাংসদ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন….

এইয়া বিজেপিৰ এক ষড়যন্ত্ৰ বুলিহে অভিহিত কৰিছে ভূপেন বৰাই।

আজিৰ খবৰ, গুৱাহাটী, ১২আগষ্ট : শেহতীয়াকৈ কেইবাজনো বিৰোধীৰ বিধায়কে বিজেপি গমনক লৈ কৰা চৰ্চা অব্যাহত থকাৰ সময়তে ৰাজ্যৰ ৰাজনীতিত আন এক নতুন বিষয়ে ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো সাংসদক নতুন দিল্লীত সৌজন্যমূলক ভাবে সাক্ষাৎ কৰাৰ পিছতে ৰাজনৈতিক মমহলত। চলিছে তীব্ৰ চৰ্চা । ৰূপজ্যোতি কুর্মী, সুশান্ত বৰগোহাঁইৰ পাছতে কংগ্ৰেছ দলৰ প্ৰভাৱশালী নেতা তথা নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়েও এইবাৰ ত্যাগ কৰিব কংগ্ৰেছ । দুই বিধেয়কৰ পাছে পাছে বিজেপিত যোগদান কৰিবলৈ সাংসদ প্ৰদ্যুত কুমাৰ বৰৰদলৈও সাজু হোৱাৰ কথা একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে । একাংশ সংবাদমাধ্যমত প্ৰকাশিত বাতৰি মতে,সাংসদ প্ৰদ্যুত কুমাৰ বৰৰদলৈৰ সৈতে ৰকিবুল হুছেইনৰ সম্পৰ্ক তিক্ততাপূৰণ হোৱাৰ বাবে আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিত  জয়ৰ সম্ভাৱনা নেদেখি, নিজৰ ৰাজনৈতিক কেৰিয়াৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত সাংসদগৰাকীয়ে বিজেপিত যোগদান কৰিবলৈ যো-জা চলাইছে । আনফালে একাংশৰ মতে ভূপেন বৰাক কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াত প্রদ্যুৎ বৰদলৈ সন্তুষ্ট নোহোৱা বুলিও চৰ্চা চলিছে । অন্যহাতে প্রদ্যুৎ বৰদলৈৰ বিজেপিত যোগদানৰ বাতৰি সম্পূৰ্ণ ৰূপে নসাৎ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। বৰাৰ মতে, কেতিয়াও বিজেপিলৈ নাযায় প্রদ্যুৎ বৰদলৈ। মিছা খবৰ বুলিও মন্তব্য। কৰিছে ভূপেন বৰাই । এইয়া বিজেপিৰ এক ষড়যন্ত্ৰ বুলিহে অভিহিত কৰিছে ভূপেন বৰাই।

P&C
You might also like