Your Voice, Our Strength

তিতাবৰলৈ সুখবৰ । তিতাবৰ চিকিৎস্যালয়ত ডায়েলাইছিছ ইউনিট স্থাপন

আজিৰ খবৰ,১৯ আগষ্ট : তিতাবৰবাসীৰ বাবে এক ভাল খবৰ । তিতাবৰ চিকিৎস্যালয়ত স্থাপন কৰা হৈছে অত্যাধুনিক ডায়েলাইছিছ ইউনিত । এই ডায়েলাইছিছ ইউনিত স্থাপনে তিতাবৰ ৰাইজৰ বহু দিনীয়া এটা ডাঙৰ আভাৱ পূৰণ কৰাৰ লগতে ডায়েলাইছিছ ইউনিটত কিডনীৰোগত আক্ৰান্ত হৈ থকা ৰোগী সকলে বিনামূলীয়াকৈ চিকিৎস্যা কৰিব পাৰিব । মঙ্গলবাৰে তিতাবৰ মহকুমা অসামৰিক চিকিৎস্যালয়ত প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ অভিযানৰ অন্তৰ্গত ডায়েলাইছিছ ইউনিট স্থাপনৰ শুভাৰম্ভ কৰে সাংসদ তপন কুমাৰ গগৈয়ে ।ডায়েলাইছিছ ইউনিত  শুভ উদ্ধোধন কৰি সাংসদ গৰাকীয়ে কয় পাঁচখন বিচনা থকা ডায়েলাইছিছ ইউনিতত প্ৰতিদিনে ১৫ গৰাকী ৰোগীয়ে ডায়েলাইছিছ কৰিব পাৰিব । তাৰ বাবে ৰোগীয়ে কোনো পইচা ভৰিব নালাগে । সম্পূৰ্ণ বিনামূলীয়া কৈ চিকিৎস্যা কৰা হব । সাংসদ গৰাকীয়ে লগতে কয় তিতাবৰৰ ৰাইজে ডায়েলাইছিছ কৰিবলৈ ঘৰৰ পৰা বহু দূৰত থকা চিকিৎস্যালয়লৈ যাব লগা হয় । এতিয়া কোনো সমস্যা নোহোৱাকৈ তিতাবৰতে এই সুবিধা লাভ কৰিবলৈ পাব । ৰাজ্যৰ মহকুমা চিকিৎস্যালয়ৰ ভিতৰত তিতাবৰ মহকুমা অসামৰিক চিকিৎস্যালয়ত স্থাপন কৰা ডায়েলাইছিছ ইউনিতটোৱেই প্ৰথম বুলি উল্লেখ কৰে সাংসদ তপন গগৈয়ে। তিতাবৰৰ অন্যান্য দিশৰ লগতে চিকিৎস্যালয়খনৰ উত্তৰণৰ দিশতো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও সদৰি কৰে সাংসদ গৰাকীয়ে। । তিতাবৰ বিধান সভাৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা,ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী,যুটীয়া সঞ্চালক অমৃত শইকীয়া আৰু তিতাবৰ মহকুমাধসিপতি গায়ত্ৰী দেৱীৰ উপস্থিতিত তিতাবৰ মহকুমা অসামৰিক চিকিৎস্যালয়ত প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ অভিযানৰ অন্তৰ্গত ডায়েলাইছিছ ইউনিটৰ স্থাপন কৰি তিতাবৰ ৰাইজলৈ উৎসৰ্গা কৰা হয় ।

You might also like